এক বিশেষ ফেচপেক লগাই এতিয়াও কম বয়সীয়াৰ দৰে হৈ আছে ৰবীনা, আপুনিও জানি লওঁক

নব্বৈ দশকৰ পৰা বৰ্তমানলৈ দৰ্শকৰ মনত ৰাজত্ব কৰা অভিনেত্ৰী ৰবীনা টেণ্ডনৰ সৌন্দৰ্যৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। যাৰ বাবে প্ৰতিগৰাকী অনুৰাগীয়েই তেওঁৰ সৌন্দৰ্যৰ ৰহস্য জানিবলৈ উন্মাদ হৈ থাকে। ৰবীনাই শেহতীয়াকৈ তেওঁৰ ৫০ বছৰীয়া জন্মদিন পালন কৰে।তেওঁৰ জন্মদিন উদযাপনৰ ফটো ভাইৰেল হোৱাৰ পাছতে অনুৰাগীসকল এক প্ৰকাৰ আচৰিত হৈ পৰিছে।কিয়নো আগৰ দৰেই ধুনীয়া হৈ আছে 'ঢক ঢক গাৰ্ল' ৰবীনা টেণ্ডন।

author-image
Asomiya Pratidin
New Update
এক বিশেষ ফেচপেক লগাই এতিয়াও কম বয়সীয়াৰ দৰে হৈ আছে ৰবীনা, আপুনিও জানি লওঁক

ডিজিটেল ডেস্ক: নব্বৈ দশকৰ পৰা বৰ্তমানলৈ দৰ্শকৰ মনত ৰাজত্ব কৰা অভিনেত্ৰী ৰবীনা টেণ্ডনৰ সৌন্দৰ্যৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। যাৰ বাবে প্ৰতিগৰাকী অনুৰাগীয়েই তেওঁৰ সৌন্দৰ্যৰ ৰহস্য জানিবলৈ উন্মাদ হৈ থাকে। ৰবীনাই শেহতীয়াকৈ তেওঁৰ ৫০ বছৰীয়া জন্মদিন পালন কৰে।তেওঁৰ জন্মদিন উদযাপনৰ ফটো ভাইৰেল হোৱাৰ পাছতে অনুৰাগীসকল এক প্ৰকাৰ আচৰিত হৈ পৰিছে।কিয়নো আগৰ দৰেই ধুনীয়া হৈ আছে 'ঢক ঢক গাৰ্ল' ৰবীনা টেণ্ডন।

Advertisment

কিন্তু আপুনি জানি আচৰিত হ'ব যে অভিনেত্ৰীগৰাকীয়ে ব্যয়বহুল সামগ্ৰীৰ পৰিৱৰ্তে ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা নিজৰ ছালৰ যত্ন লয়।হয়, এক অনুষ্ঠানত ৰবীনাই নিজেই এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰে। অভিনেত্ৰীগৰাকীয়ে ছালৰ যত্নৰ বাবে এক প্ৰাকৃতিক ফেচ পেক ব্যৱহাৰ কৰে, যিয়ে তেওঁৰ ছাল নিখুঁত আৰু উজ্জ্বল কৰি তোলে।আজি এই বিষয়ে জানো আহক-

আটা-ক্ৰীমৰে তৈয়াৰী ফেচ পেক

অভিনেত্ৰীগৰাকীয়ে ছালখন ধুনীয়া কৰি ৰাখিবলৈ ঘেঁহুৰ আটা আৰু ক্ৰীমেৰে তৈয়াৰ কৰা ফেচ পেক ব্যৱহাৰ কৰে। এই ফেচ পেকটো প্ৰস্তুত কৰিবলৈ আপুনি এটা বাটিত অলপ ঘেঁহুৰ আটা ল'ব। এতিয়া এই আটাত অকনমান সতেজ ক্ৰীম আৰু হালধি ভালদৰে মিহলি কৰি মুখত প্ৰয়োগ কৰিব। ইয়াক কমেও ২০ৰ পৰা ২৫মিনিটৰ বাবে মুখত লগাই ৰাখিব। ইয়াৰ পিছত পৰিস্কাৰ পানীৰে মুখখন ভালদৰে ধুই পেলাব।

অভিনেত্ৰীগৰাকীৰ মতে, আটায়ে ছালখন ভিতৰৰ পৰা পৰিস্কাৰ কৰে আৰু ইয়াৰ উজ্জ্বলতা ঘূৰাই আনে। আনহাতে, সতেজ ক্ৰীমে ছালক আৰ্দ্ৰতা প্ৰদান কৰাৰ লগতে এক চিমুটি হালধিয়ে ছালৰ ৰং উন্নত কৰে।সেয়েহে, যদিহে আপুনি ৰবীনা টেণ্ডনৰ দৰে বৃদ্ধ বয়সতো কম বয়সীয়াৰ দৰে ছাল উজ্জ্বল আৰু সতেজ হোৱাটো বিচাৰে, তেন্তে আপুনি এই ফেচ পেকটো ব্যৱহাৰ কৰিব পাৰে।

Also Read: শালমন দূৰ কৰাৰ ঘৰুৱা উপায়বোৰ জানেনে ?