অধ্যাপকৰ দোকানত গ্ৰহকৰ ভিৰ, বিপৰীতে হৈছে সমালোচনা

লক্ষ্ণৌৰ পথৰ কাষত ম’ম’ বিক্ৰী কৰা এজন ব্যক্তিৰ ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছে।এই বিক্ৰেতাজনে খুব চাফা-চিকুনকৈ তেওঁ ঘৰতে বনোৱা ম’ম’ খাবলৈ গ্ৰাহকৰ আমন্ত্ৰণ জনাইছে।গ্ৰাহকে এই ম’ম’ খাই খুব তৃপ্তি পাব বুলিও তেওঁ এশ শতাংশ নিশ্চিত কৰিছে।

author-image
Asomiya Pratidin
New Update
অধ্যাপকৰ দোকানত গ্ৰহকৰ ভিৰ, বিপৰীতে হৈছে সমালোচনা

ডিজিটেল ডেস্ক: লক্ষ্ণৌৰ পথৰ কাষত ম’ম’ বিক্ৰী কৰা এজন ব্যক্তিৰ ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ভিডিঅ'ত দেখিবলৈ পোৱা মতে, এই বিক্ৰেতাজনে খুব চাফা-চিকুনকৈ তেওঁ ঘৰতে বনোৱা ম’ম’ খাবলৈ গ্ৰাহকৰ আমন্ত্ৰণ জনাইছে।গ্ৰাহকে এই ম’ম’ খাই খুব তৃপ্তি পাব বুলিও তেওঁ এশ শতাংশ নিশ্চিত কৰিছে।বিশেষকৈ বিক্ৰেতাজনৰ কথা কোৱাৰ ধৰণে সকলোকে আকৰ্ষণ কৰিছে। নকৰিবই বা কিয় ! সকলোয়ে সাধাৰণ বুলি ভাবি লোৱা এই বিক্ৰেতাজন প্ৰকৃততে এজন ইংৰাজী বিষয়ৰ অধ্যাপক।

Advertisment

হয়, এটা ইনষ্টাগ্ৰামত প’ষ্টৰ পৰা খুব কম সময়তে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ এই ভিডিঅ’টোত ম’ম’ বিক্ৰী কৰা ব্যক্তিজনে নিজকে এজন ইংৰাজী অধ্যাপক হিচাপে পৰিচয় দিয়ে।ভিডিঅ'টোত অধ্যাপকজনে তেওঁৰ ঘৰত বনোৱা ম’ম’ৰ প্ৰচাৰ কৰাৰ ধৰণে সকলোকে আকৰ্ষিত কৰিছে।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ সমান্তৰালকৈ অধ্যাপকজনৰ ‘অধ্যাপক’ পদক লৈও এতিয়া ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে বহু প্ৰশ্ন উত্থাপন কৰিছে।বহুতেই তেওঁক প্ৰকৃত অধ্যাপক বুলি মানি লৈছে যদিও আন বহুতেই তেওঁক অধ্যাপক বুলি মানি লোৱা নাই।একাংশৰ মতে, ইংৰাজীত কথা কোৱাতোয়েই তেওঁৰ জ্ঞানৰ স্তৰ নিৰ্ধাৰণ নকৰে বা তেওঁ ইংৰাজীৰ অধ্যাপক হৈ নাযায়।বহুতৰ মতে, তেওঁৰ ৰন্ধাৰ চখ থকাৰ বাবেহে অধ্যাপক হোৱা স্বতেও তেওঁ এই কামত আগবাঢ়ি আহিছে। আন একাংশৰ মতে আকৌ, তেওঁ ঘৰখন তথা সন্তান-পত্নীক সহায় কৰিবলৈ আজৰি সময়ত ম’ম’ বিক্ৰী কৰিবলৈ লৈছে।

ছ’চিয়েল মেডিয়াত এইদৰে বহুতেই ম’ম’ বিক্ৰেতাজনৰ বিৰুদ্ধে মত প্ৰকাশ কৰাৰ বিপৰীতে এজন ব্যৱহাৰকাৰীয়ে উল্লেখ কৰে, ‘এই বিক্ৰেতাজন ইংৰাজী বিষয়ৰ অধ্যাপক নহয়। তেওঁ এজন সাধাৰণ ব্যক্তি। তেওঁ পত্নীক সহায় কৰা এজন স্বামী। তেওঁলোকে তেওঁলোকৰ ছোৱালীক উচ্চ শিক্ষা প্ৰদানৰ বাবে এনেদৰে কষ্ট কৰি আছে। সেয়েহে সকলোয়ে তেওঁক বেয়াকৈ কোৱাৰ পৰা বিৰত থাকক।’ প্ৰকৃত সত্য বাৰু যি নহওঁক ম’ম’ বিক্ৰেতাজনৰ কথা-বতৰাই অলপ সময়ৰ বাবে হ’লেও সকলোকে আকৰ্ষিত কৰিছে।

Also Read: টুইট কৰিবলৈ বাধ্য হ’ল জমেট’, তোলপাৰ ছ’চিয়েল মেডিয়া