/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8a3db853-a434-4a33-a5aa-7db6c8c83f03/AP_FOR_WEB____________.jpg)
ডিজিটেল ডেস্ক: সৰু ল'ৰা ছোৱালীবোৰ ইমান মৰমলগা যে পিতৃ-মাতৃটো বাদেই চিনাকি-অচিনাকি সকলোয়ে তেওঁলোকক স্পৰ্শ নকৰাকৈ থাকিব নোৱাৰে।বহুতো আকৌ মৰমতে শিশুটিৰ নাকটো টানিবলৈ আৰম্ভ কৰে।বহুসময়ত অভিভাৱকেও শিশুৰ নাকটো টানি জোঙা তথা দেখনিয়াৰ কৰি তোলাৰ আপ্ৰাণ চেষ্টা চলায়।কিন্তু বিশেষজ্ঞসকলৰ মতে, শিশুৰ নাক কেতিয়াও টানিব নালাগে।শিশুৰ নাক কিয় টানিব নালাগে, আজি সেই বিষয়ে জানো আহক-
নাক ফুলিব পাৰে
এটা গৰ্ভৰ পৰা ওলাই অহাৰ সময়ত এটি নৱজাতকৰ শৰীৰটো কিছু ফুলি থাকে।যাৰ বাবে জন্মৰ এদিন বা দুদিনৰ পাছত শিশুটিৰ জন্মৰ দিনাতকৈ ওজন হ্ৰাস হয়।শৰীৰটো সাধাৰণ অৱস্থালৈ অহাৰ পাছত আন অংগৰ দৰে নাকটোও কিছু পৰিমাণে চেপেটা হোৱাটো তেনেই স্বাভাৱিক।সেয়েহে সেইখিনি সময় শিশুটিৰ নাক চেপেটা বুলি ভুলটো টানিবলৈ চেষ্টা নকৰিব।আপোনাৰ এনে কৰ্মই শিশুটোক চিৰকালৰ বাবে ঘূণীয়া কৰি তুলিব পাৰে।
নাকৰ হাড় লাহে লাহে বিকশিত হয়
শিশুৰ নাকৰ হাড় সম্পূৰ্ণৰূপে বিকশিত হ'বলৈ সময় লাগে।সেয়েহে শিশুৰ নাক টানি থাকিলে বিকাশ প্ৰক্ৰিয়া প্ৰভাৱিত হয়। বহুসময়ত নাক টানি থাকিলে শিশুটোও খিংখিঙীয়া হৈ পৰে আৰু নাকটো ক্ষতিগ্ৰস্ত হোৱাৰো সম্ভাৱনা থাকে।
আকৃতি সলনি হৈ থাকে
প্ৰায়ে পিতৃ-মাতৃয়ে শিশুটোৰ নাকৰ আকৃতিক লৈ চিন্তিত হৈ পৰে।কিন্তু প্ৰকৃততে শিশু এটাৰ নাকৰ আকৃতি তেওঁলোকৰ প্ৰাৰম্ভিক বছৰবোৰত সলনি হৈ থাকে।তদুপৰি, ডাঙৰ হোৱাৰ লগে লগে বৈশিষ্ট্যবোৰো সলনি হ'বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত, আপুনি নাক টানি থাকিলেও নাকৰ আকৃতি সলনি নহয়।
আকৃতিটো জিনৰ ওপৰতো নিৰ্ভৰ কৰে
শিশুৰ নাকৰ আকৃতি জিনৰ ওপৰতো নিৰ্ভৰ কৰে। গতিকে সিহঁতৰ নাক অত্যাধিক টানি নিদিব। যদি পিতৃ-মাতৃৰ নাকৰ আকৃতি জোঙা নহয়, তেনেহ’লে শিশুৰো জোঙা নোহোৱাটো স্বাভাৱিক। নাকৰ ওপৰৰ কঠিন অংশৰ আকৃতি কেতিয়াও সলনি কৰিব নোৱাৰি।
Also Read: সাৱধান ! আপোনাৰ এই অভ্যাসে জীৱনলৈ মাতিছে ভয়ংকৰ বিপদ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us