এই ঘৰুৱা উপায়ৰে দূৰ কৰক শালমইনাৰ সমস্যা

এই ঘৰুৱা উপায়ৰে দূৰ কৰক শালমইনাৰ সমস্যা

ডিজিটেল ডেস্ক: বিয়া, পাৰ্টী বা উৎসৱৰ সময়ত মহিলাসকলে দীৰ্ঘ সময়লৈ মেকআপ ব্যৱহাৰ কৰিবলগীয়া হয়।মেকআপে মুখৰ সৌন্দৰ্য দুগুণে বৃদ্ধি যদিও অধিক মেকআপ ব্যৱহাৰে মুখৰ ছিদ্ৰবোৰ অৱৰুদ্ধ কৰে।যাৰ ফলত শালমইনাৰ সমস্যাই দেখা দিয়ে । বহুসময়ত মেকআপ সামগ্ৰীবোৰ ছালৰ সৈতে খাপ নোখোৱাৰ ফলতো শালমইনা হয়। যদি আপুনিও এনে সমস্যাৰ বাবে অসুবিধাত পৰিছে, তেনেহ'লে তলত উল্লেখ কৰা ঘৰুৱা প্ৰতিকাৰবোৰে আপোনাক সহায় কৰিব পাৰে।

মৌ

শালমইনাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি মুখত মৌ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ এণ্টি-বেক্টেৰিয়া, এণ্টিচেপ্টিক আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণ আছে, যিয়ে শালমইনা দূৰ কৰে। ইয়াৰ বাবে আপুনি শালমইনাত মৌ প্ৰয়োগ কৰি ১৫-২০ মিনিটৰ বাবে এৰি দিব আৰু নিৰ্দিষ্ট সময়ৰ পিছত মুখখন কুহুমীয়া পানীৰে ধুই পেলাব। এনে কৰাৰ দ্বাৰা শালমইনাৰ লগতে ইয়াৰ দাগবোৰো নাইকিয়া হ'ব।

মুলতানি মাটি

ছালৰ পৰা লেতেৰা আৰু অতিৰিক্ত তেল আঁতৰ কৰাত খুবেই সহায়ক মুলতানি মাটি।ই শালমইনা দূৰ কৰাৰ লগতে ছালখন উজ্জ্বল কৰি তোলে। ইয়াৰ বাবে আপুনি ২ চাহ চামুচ মুলতানি মাটিত ১ চাহ চামুচ গোলাপ জল মিহলি কৰিব। এতিয়া এই পেষ্টটো শালমইনাত প্ৰয়োগ কৰক আৰু ইয়াক শুকাবলৈ দিয়ক।১০-১৫ মিনিটৰ পিছত মুখখন পৰিস্কাৰ পানীৰে ধুই পেলাব। এইদৰে সপ্তাহত ২-৩বাৰ ব্যৱহাৰ কৰিব।

নাৰিকল তেল

যদি আপোনাৰ ঘৰত মেকআপ ৰিমভাৰ নাই, তেন্তে নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰি। ইয়াত থকা প্ৰদাহ-প্ৰতিৰোধী আৰু বেক্টেৰিয়া-প্ৰতিৰোধী গুণাগুণবোৰে শালমইনাৰ পৰা সকাহ দিয়ে। ৰাতি কপাহৰ বলৰ সহায়ত মুখত নাৰিকল তেল প্ৰয়োগ কৰক। ৰাতিপুৱা পৰিস্কাৰ পানীৰে মুখখন ধুই পেলাব।

বৰফ

বৰফে ছালখন ভিতৰৰ পৰা শীতল কৰাৰ লগতে শালমইনাৰ পৰাও সকাহ দিয়ে। কপাহৰ কাপোৰৰ ভিতৰত বৰফৰ টুকুৰা এটা লৈ ইয়াক মুখত লগাব।ই আপোনাক ছাল ফুলা আৰু ৰঙা পৰাৰ পৰাও সকাহ দিব।

বি. দ্ৰ.- যদি আপোনাৰ ছাল সংবেদনশীল, তেন্তে যিকোনো ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব।

এই ঘৰুৱা উপায়ৰে দূৰ কৰক শালমইনাৰ সমস্যা
দামী দামী ছেম্পুৰ সলনি ঘৰতে কৰিব পাৰি উফিৰ সমাধান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in