/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d297eb92-0258-4724-8feb-a9418f928e58/AP_FOR_WEB____________.jpg)
ডিজিটেল ডেস্ক: প্ৰতিজন অভিভাৱকেই তেওঁলোকৰ সন্তানক ভালদৰে লালন-পালন কৰিবলৈ বিচাৰে। ইয়াৰ বাবে অভিভাৱকসকল সময়ত অলপ কঠোৰ হোৱাটো স্বাভাৱিক।কিন্তু বহুসময়ত অভিভাৱকসকলে ইমানেই খং কৰে যে তেওঁলোকে শিশুসকলক উদ্দেশ্যি বেছিকৈ চিঞৰ-বাখৰ কৰে।এনেদৰে চিঞৰ-বাখৰ, গালি-গালাজ অথবা খং কৰাৰ ফলত শিশুটোৰ কোমল মনত বেয়াকৈ প্ৰভাৱ পৰে।পিতৃ-মাতৃৰ এনে কাণ্ডৰ ফলত শিশুসকল খিংখিঙীয়া হৈ পৰে।শিশু এটিক সুস্থ পৰিৱেশ প্ৰদান কৰাৰ ক্ষেত্ৰত অভিভাৱকসকলে গ্ৰহণ কৰিবলগীয়া কেতবোৰ পদক্ষেপ সম্পৰ্কে আজি জানো আহক-
শিশুটিৰ খং
যদি আপোনাৰ সন্তানটোৰ খং উঠি আছে, সেই সময়ত তাক বা তাইক একো কথাকে শিকাব নালাগে।এনে কৰিলে তেওঁলোকৰ মনোভাৱ নষ্ট হয় আৰু আপুনি যি শিকাবলৈ বিচাৰে, সেয়া তেওঁলোকৰ বাবে বিৰক্তিকৰ হৈ পৰে। এনে পৰিস্থিতিত খং উঠি থকা শিশুটোক প্ৰথমে শান্ত হ'বলৈ দিব আৰু ইয়াৰ পাছতহে কিবা শিকাব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/39fabae1-5183-48f0-9ffc-d646c7632070/1.jpg)
বাৰে বাৰে একেটা কথাকে কোৱা
যদি আপুনি শিশুসকলক বাৰে বাৰে একেটা কথা কৈ থাকে, তেওঁলোক বিৰক্ত হ'ব পাৰে।সেয়েহে আপুনি শিশুটোক নতুনকৈ কিবা শিকাই আছে, তেনেহ’লে বেছি সময় নল'ব। বাৰে বাৰে এটা কথাকে কৈ শিশুটোৰ মনোভাৱ নষ্ট নকৰিব।
পিতৃ-মাতৃৰ আচৰণৰ কাৰণ
শিশুৱে তেওঁলোকৰ মাক-দেউতাকক লক্ষ্য কৰি সকলো শিকে। যদি আপুনি শিশুটোৰ সন্মুখত ইজনে সিজনক বেয়া ব্যৱহাৰ কৰে, তেনেহ'লে ই শিশুটোৰ ব্যক্তিত্বক প্ৰভাৱিত কৰিব।ইয়াৰ বাহিৰেও বহুসময়ত পিতৃ-মাতৃয়ে শিশুসকলক তেওঁলোকৰ কাজিয়াৰ মাজলৈ টানি আনে।এনে কৰিলে তেওঁলোকৰ মনত খং ভাৱ উদয় হয়,যিয়ে শিশু এটিৰ স্বভাৱ বেয়া হোৱাত অৰিহণা যোগায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0fcb8823-63d0-4edd-be4a-a87ff5b03ed6/2.jpg)
কাৰোবাৰ সন্মুখত কাৰোবাক অপমান কৰা
যদি আপুনি আপোনাৰ সন্তানক সন্মানৰে কথা নকয় অথবা মানুহৰ সন্মুখত তেওঁলোকক গালি-গালাজ কৰে, তেতিয়া শিশু এটিৰ আচৰণত বিৰূপ প্ৰভাৱ পৰে।আপুনি শিশুটোক যিমানেই সন্মান সহকাৰে ব্যৱহাৰ কৰিব, তেওঁলোক সিমানেই ইতিবাচক হ'বলৈ শিকিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b4092203-30d5-46a4-9e67-c9c267993412/345.jpg)
ঘৰৰ পৰিৱেশ
ঘৰত যদি নেতিবাচক পৰিৱেশ থাকে, সকলো সময়তে কাজিয়া হয় অথবা উত্তেজনাৰ পৰিৱেশ থাকে, ই শিশুটোৰ মনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। যাৰ ফলত এটি শিশুৱে ঘৰৰ বাহিৰত খং কৰাৰ লগতে আনৰ সৈতেও বেয়া আচৰণ কৰিবলৈ আৰম্ভ কৰে।