চুলিত কিদৰে পিঁয়াজ ব্যৱহাৰ কৰিব লাগে জানি লওঁক

চুলিত কিদৰে পিঁয়াজ ব্যৱহাৰ কৰিব লাগে জানি লওঁক
Published on
Updated on

ডিজিটেল ডেস্ক: সকলো মহিলাই তেওঁলোকৰ চুলি ডাঠ, ক'লা আৰু শক্তিশালী হোৱাটো বিচাৰে। উজ্জ্বল আৰু ক'লা চুলিয়ে প্ৰতিগৰাকী মহিলাৰ সৌন্দৰ্য বৃদ্ধি কৰে। কিন্তু প্ৰদূষণ, চাপ আৰু ভুল জীৱনশৈলীৰ বাবে চুলি প্ৰায়ে বেয়া আৰু নিষ্প্ৰাণ হ'বলৈ আৰম্ভ কৰে। যদি আপুনি চুলিৰ সমস্যাৰ বাবে অসুবিধাত পৰে, তেনেহ'লে আপুনি চুলিত পিঁয়াজ তেল ব্যৱহাৰ কৰিব পাৰে। পিঁয়াজ তেলৰ বহুতো গুণ আছে, যিয়ে চুলি শক্তিশালী আৰু ক'লা কৰে। ইয়াক নিয়মীয়াকৈ ব্যৱহাৰ কৰি চুলিৰ প্ৰতিটো সমস্যাৰ সমাধান লাভ কৰিব পাৰি।

পিঁয়াজৰ তেল কেনেদৰে প্ৰস্তুত কৰিব লাগে-

পিয়াজ তেল তৈয়াৰ কৰিবলৈ পিঁয়াজখিনি মিহিকৈ কাটি লৈ তাৰ লগত নাৰিকল তেল আৰু জলফাই তেল মিহলি কৰি কম জুইত উতলাই থাকিব। যেতিয়া পিয়াজখিনি সোণালী ৰঙৰ হয়, তেতিয়া চালনিৰ সহায়ৰে তেলখিনি পৃথক কৰিব। আপোনাৰ পিঁয়াজৰ তেল সাজু।

এই তেল কেনেদৰে চুলিত প্ৰয়োগ কৰিব লাগে-

চুলিত পিয়াজ তেল ব্যৱহাৰ কৰাৰ আগতে চুলি সম্পূৰ্ণৰূপে পৰিস্কাৰ কৰি ধুই ল'ব লাগে। কিয়নো লেতেৰা চুলিত তেল প্ৰয়োগ কৰিলে চুলিৰ সমস্যা অধিক বৃদ্ধি হ'ব পাৰে। লেতেৰা চুলিত তেল মিহলি কৰাৰ ফলত চুলি অধিক আঠালগা আৰু লেতেৰা হৈ পৰে। তেলৰ প্ৰভাৱ পৰিস্কাৰ চুলিত ভালদৰে হয়। আপুনি ৰাতি এই তেল চুলিত প্ৰয়োগ কৰি ৰাতিপুৱা চুলিখিনি ধুই পেলাব।

মালিচ

চুলিত তেল মালিচ কৰাটো খুবেই দৰকাৰ। ই ৰক্ত সঞ্চালন বৃদ্ধি কৰি চুলি শক্তিশালী কৰাত সহায় কৰে।কিন্তু পিঁয়াজৰ তেল নিয়মীয়াকৈ ব্যৱহাৰ নকৰিব।পিঁয়াজৰ তেল সপ্তাহত ১-২ বাৰ ব্যৱহাৰ কৰাটোৱেই যথেষ্ট।

চুলিত কিদৰে পিঁয়াজ ব্যৱহাৰ কৰিব লাগে জানি লওঁক
এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে স্বাস্থ্যকৰ কৰি ৰাখক আপোনাৰ চুলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in