সাত সাগৰ তেৰ নদীৰ সীমা চেৰাই এটি সন্তানসহ বাৰবাৰা আহিল ভাৰতলৈ

সঁচাই প্ৰেমে একো সীমাই নামানে। সেয়া লাগিলে বয়সৰে হওঁক অথবা ভৌগৌলিক সীমাৰেই হওঁক।সেয়ে হয়তো ডিজিটেল যুগত ডিজিটেল প্ৰেমত পৰি সাত সাগৰ তেৰ নদী পাৰ হৈ এগৰাকী প্ৰেমিকা আহিছে ভাৰতলৈ।হয়, ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰেমত পৰি পোলেণ্ডৰ এগৰাকী মহিলা আহি পাইছিহে ঝাৰখণ্ড।

author-image
Asomiya Pratidin
New Update
সাত সাগৰ তেৰ নদীৰ সীমা চেৰাই এটি সন্তানসহ বাৰবাৰা আহিল ভাৰতলৈ

ডিজিটেল ডেস্ক: সঁচাই প্ৰেমে একো সীমাই নামানে। সেয়া লাগিলে বয়সৰে হওঁক অথবা ভৌগৌলিক সীমাৰেই হওঁক।সেয়ে হয়তো ডিজিটেল যুগত ডিজিটেল প্ৰেমত পৰি সাত সাগৰ তেৰ নদী পাৰ হৈ এগৰাকী প্ৰেমিকা আহিছে ভাৰতলৈ।হয়, ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰেমত পৰি পোলেণ্ডৰ এগৰাকী মহিলা আহি পাইছিহে ঝাৰখণ্ড।

এই মহিলাগৰাকীৰ নাম বাৰবাৰা পোলাক। ইতিমধ্যে বিবাহিত বাৰবাৰাৰ এগৰাকী কন্যা সন্তানো আছে।আনহাতে, এইগৰাকী মহিলাই প্ৰেমত বান্ধোনত বান্ধ খোৱা ঝাৰখণ্ডৰ যুৱকৰ নাম ছাদাব আলম। এতিয়া বাৰবাৰা আৰু ছাদাব ঝাৰখণ্ডৰ বাৰ্টুও গাঁৱত বাস কৰি আছে।

ইফালে, ছাদাব আলমৰ ঘৰত তেওঁৰ বিয়াৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। বিয়াৰ পূৰ্বেই ছাদাবে  বাৰবাৰা পোলক আৰু তেওঁৰ কন্যাক নিজৰ নাম দিছে। মহিলাগৰাকীৰ কন্যাইও ছাদাবক  'দেউতা' বুলিয়েই মাতে। বাৰবাৰাই ভাৰত তথা ছাদাবৰ গাঁওখনক খুবেই পছন্দ কৰিছে।বাৰবাৰাই কয় যে, তেওঁ যেতিয়া ছাদাবৰ গাঁৱত প্ৰথমবাৰৰ বাবে উপস্থিত হৈছিল, গাঁওবাসীয়ে তেওঁক চাবলৈ ভিৰ কৰিছিলহি।গাঁওবাসীয়ে তেওঁক উষ্ম আদৰণিও জনাইছিল। উল্লেখ্য যে, পোলেণ্ডত বাৰবাৰাৰ এটা ঘৰ, এখন গাড়ী আৰু এটা চাকৰি আছে।ছাদাবৰ বাবেই এই সকলোবোৰ এৰি তেওঁ ভাৰতলৈ আহিছে। তেওঁৰ মতে ছাদাব অতি বিশ্বাসযোগ্য।ছাদাবক তেওঁৰ জীৱন সংগী হিচাপে লাভ কৰি তেওঁ যথেষ্ট সুখী আৰু তেওঁলোকৰ বিয়াখনক লৈও তেওঁ উৎসাহিত।

Also Read: অনুৰাগীৰ মত: আগতেহে বেছি ধুনীয়া আছি ভূমি পানেকাৰ