মাতৃৰ লগতে গৰ্ভস্থ শিশুটিয়েও লাভ কৰে স্বাস্থ্য উপকাৰিতা

সংগীত আমাৰ সকলোৰে প্ৰিয়।সংগীতৰ সুমধুৰ সুৰ শুনিলে কিছু মুহূৰ্তৰ ভিতৰতে চাপ আঁতৰ হয়।সংগীত প্ৰকৃততে এক প্ৰকাৰৰ চিকিৎসা, যাক আগৰ সময়ত শাৰীৰিক আৰু মানসিক সমস্যাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

author-image
Asomiya Pratidin
New Update
মাতৃৰ লগতে গৰ্ভস্থ শিশুটিয়েও লাভ কৰে স্বাস্থ্য উপকাৰিতা

মাতৃৰ লগতে গৰ্ভস্থ শিশুটিয়েও লাভ কৰে স্বাস্থ্য উপকাৰিতা

ডিজিটেল ডেস্ক: সংগীত আমাৰ সকলোৰে প্ৰিয়।সংগীতৰ সুমধুৰ সুৰ শুনিলে কিছু মুহূৰ্তৰ ভিতৰতে চাপ আঁতৰ হয়।সংগীত প্ৰকৃততে এক প্ৰকাৰৰ চিকিৎসা, যাক আগৰ সময়ত শাৰীৰিক আৰু মানসিক সমস্যাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। কেৱল চাপ দূৰ কৰাৰ ক্ষেত্ৰতে নহয়, শেহতীয়া এক অধ্যয়নত প্ৰকাশ পোৱাৰ মতে গৰ্ভধাৰণৰ সময়তো সংগীতে যথেষ্ট লাভালাভ প্ৰদান কৰে। ই মাতৃ আৰু গৰ্ভজাত সন্তান দুয়োৰে স্বাস্থ্যৰ বাবে অতি উপকাৰী।

Advertisment

গৰ্ভাৱস্থাত সংগীতৰ সংস্পৰ্শলৈ অহাৰ ফলত নৱজাতকৰ সামগ্ৰিক মানসিক, জ্ঞানীয়, আচৰণগত, সংবেদনশীল, মানসিক আৰু আৱেগিক বিকাশত উন্নত হয়। গৰ্ভজাত শিশুৱে চাৰি মাহৰ পাছৰ পৰা সংগীত শুনিব পাৰে। ন সপ্তাহৰ গৰ্ভধাৰণৰ পিছত শিশুৰ কাণ গঢ় লৈ উঠে আৰু বাহিৰৰ শব্দ শুনিব পাৰে। যেতিয়া এগৰাকী গৰ্ভৱতী মহিলা ২৫ ৰ পৰা ২৬ সপ্তাহৰ গৰ্ভৱতী হয়, তেতিয়া শিশুটিয়ে বাহ্যিক শব্দৰ প্ৰতি সঁহাৰি দিব পাৰে।গৰ্ভধাৰণৰ শেষৰ তিনিমাহলৈ শিশুটিয়ে কণ্ঠস্বৰ চিনাক্ত কৰিব পৰা হৈ পৰে।

গৰ্ভাৱস্থাৰ সময়ত সংগীত শুনাৰ লাভালাভ-

এগৰাকী মাতৃয়ে গৰ্ভধাৰণৰ সময়ত সংগীত শুনি থাকিলে ই শিশুৰ ব্যক্তিত্ব গঢ়াত সহায় কৰে। শান্ত সংগীতে শিশু এটিৰ শান্ত আচৰণক উৎসাহিত কৰিব পাৰে। আনহাতে, উচ্চ স্বৰৰ সংগীতে শিশুটিৰ বিকাশত বিৰুপ প্ৰভাৱ পেলাব পাৰে। ইফালে, চাপ হ্ৰাস কৰিবলৈ সংগীততকৈ ভাল একো নাই। ই আপোনাৰ মনটোকো পাতল কৰে।গৰ্ভাৱস্থাত সংগীত শুনিলে সন্তানে অধিক শান্তি তথা সুখী অনুভৱ কৰে। এইদৰে গৰ্ভধাৰণৰ সময়ত চাপৰ সৈতে মোকাবিলা কৰাৰ এইটো এটা কাৰ্যকৰী উপায়।

কিন্তু এটা কথা সদায় মনত ৰাখিব যে, উচ্চ স্বৰৰ সংগীত গৰ্ভস্থ শিশুৰ বাবে একেবাৰে ভাল নহয়। আনহাতে, এনে সংগীতে মাতৃৰ মানসিক চাপ তথা ৰক্তচাপো বৃদ্ধি কৰিব পাৰে। 

Also Read: সুখী জীৱন লাভৰ বাবে বৃহস্পতিবাৰে এইসমূহ কাম কৰিব