পুত্ৰৰ বিয়াত নীতা আম্বানীয়ে কি শাৰী পিন্ধিব জানেনে ?

বিগত কিছুদিন ধৰি মুকেশ আৰু নীতা আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়াখন বেছ চৰ্চাত আছে।গোটেই পৰিয়ালটো এতিয়া বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।তেওঁলোকে শেহতীয়াকৈ বিয়াৰ নিমন্ত্ৰণী পৰ্বও আৰম্ভ কৰিছে।

author-image
Asomiya Pratidin
New Update
পুত্ৰৰ বিয়াত নীতা আম্বানীয়ে কি শাৰী পিন্ধিব জানেনে ?

ডিজিটেল ডেস্ক: বিগত কিছুদিন ধৰি মুকেশ আৰু নীতা আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়াখন বেছ চৰ্চাত আছে।গোটেই পৰিয়ালটো এতিয়া বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।দেশ-বিদেশৰ বহু তাৰকাই এই বিয়াত অংশ লবলৈ এতিয়া মুম্বাইত বাহৰ পাতিছে। শেহতীয়াকৈ এইখন হাইপ্ৰফাইল বিয়াৰ 'সংগীত' অনুষ্ঠিত হৈ যায়।

Advertisment

এই বিষয়ে হয়তো সকলো জ্ঞাত যে, আম্বানীৰ পৰিয়ালটো অতি ইশ্বৰ বিশ্বাসী।সেয়েহে, ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ নীতা আম্বানী বাৰাণসীত উপস্থিত হৈ কাশী বিশ্বনাথ বাবাৰ চৰণত বিয়াৰ প্ৰথমখন কাৰ্ডখন আগবঢ়ায় সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়ালৈ মতা পৰ্বৰ আৰম্ভণি কৰিছিল। এই মন্দিৰৰ লগতে নীতা আম্বানীয়ে শিৱ নগৰীৰ বহুতো ঠাইও ভ্ৰমণ কৰে। ইয়াৰ পিছত তেওঁ ৰামনগৰৰ সাহিত্যনাকাত শিপিনী বিজয় মৌৰ্যৰ ঘৰত হস্ততাঁতৰ শাৰীখন প্ৰস্তুত কৰা চাবলৈ যায়। অনন্তৰ বিয়াত তেওঁ এখন বিশেষ শাৰী পৰিধান কৰিব। এই শাৰীখন তৈয়াৰ কৰোতে ৪০ তোলা ৰূপ আৰু সোণ ব্যৱহাৰ কৰা হৈছে। ১০ লক্ষাধিক টকা মূল্যৰ এই শাৰীখন ৰূপ আৰু সোণৰ সূতাৰে বোৱা হৈছে।এই শাৰীখন তৈয়াৰ কৰিবলৈ ২.৫ মাহ সময় লাগিছে।তদুপৰি, নীতা আম্বানীয়ে তেওঁৰ পৰিয়াল আৰু আত্মীয়সকলৰ বাবে ১০০ খন শাৰীও ইয়াৰ পৰা অৰ্ডাৰ কৰিছে।

উল্লেখ্য যে, ১২ জুলাইত থানেত অনুষ্ঠিত হ'ব মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়া। ইয়াৰ পূৰ্বে পালঘৰৰ স্বামী বিবেকানন্দ বিদ্যামন্দিৰত এই বিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া স্থান সলনি কৰা হৈছে।

Also Read: শহুৰ হিচাপেও বহুতৰ বাবে আদৰ্শ মুকেশ আম্বানী