মাত্ৰ ১ মিনিটত মূৰৰে ভাঙিলে ২৭৩ টা আখৰোট

মূৰৰে আখৰোট ভাঙি গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিলে এজন ভাৰতীয় ব্যক্তিয়ে। তেওঁৰ নাম নবীন কুমাৰ। তেওঁ এজন সমৰ শিল্পী। নবীন কুমাৰে এক মিনিটত ২৭৩ টা আখৰোট ভাঙি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
মাত্ৰ ১ মিনিটত মূৰৰে ভাঙিলে ২৭৩ টা আখৰোট

ডিজিটেল ডেস্ক:  মূৰৰে আখৰোট ভাঙি গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিলে এজন ভাৰতীয় ব্যক্তিয়ে। তেওঁৰ নাম নবীন কুমাৰ। তেওঁ এজন সমৰ শিল্পী। নবীন কুমাৰে এক মিনিটত ২৭৩ টা আখৰোট ভাঙি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। নবীন কুমাৰে এক মিনিটত ২৫৪ টা আখৰোট ভঙা মুহাম্মাদ ৰছিদক অতিক্ৰম কৰি এই অভিলেখ নিজৰ নাম কৰিছে।

Advertisment

গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছৰ এই তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ নবীন কুমাৰ আৰু মহম্মদ ৰছিদৰ মাজত প্ৰতিযোগিতা হৈছিল। তেওঁলোক দুয়োজনে নিজৰেই পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে, ৰছিদ মহম্মদে প্ৰথমবাৰৰ বাবে ২০১৪ চনত তেওঁৰ মূৰৰে এক মিনিটত ১৫০ টা আখৰোট ভাঙিছিল। ইয়াৰ পিছত ২০১৬চনত ৰছিদে নিজৰেই অভিলেখ ভংগ কৰি এক মিনিটত ১৮১ টা আখৰোট ভঙাৰ অভিলেখ গঢ়ে।

ইফালে, নবীন কুমাৰে ২০১৭ চনত ৰছিদৰ ১৮১ টা আখৰোট মূৰেৰে ভঙাৰ অভিলেখ ভংগ কৰিছিল। বিখ্যাত মাৰ্চিয়েল আৰ্ট খেলুৱৈ প্ৰভাকৰ ৰেড্ডীৰ ছাত্ৰ নবীনে তেওঁৰ মূৰৰে ২১৭ টা আখৰোট ভাঙিছিল। ইয়াৰ পিছত সকলোৰে এনে লাগিছিল যে এই অভিলেখ আৰু কোনেও ভংগ কৰিব নোৱাৰে।কিন্তু পুনৰ এই অভিলেখ নবীন আৰু ৰছিদে ভংগ কৰিলে। নবীনে ২৩৯ আৰু ৰছিদে ২৫৪ টা অভিলেখ ভংগ কৰি এক নতুন ইতিহাস সৃষ্টি কৰে। 

এতিয়া পাঁচ বছৰৰ অন্তত নবীন কুমাৰে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ‘নাট ক্ৰেকাৰ’ৰ খিতাপ জিকিছে। বিশ্ব অভিলেখ গঢ়ি নবীনে কয়, ‘মই মোৰ প্ৰতিভা প্ৰমাণ কৰিবলৈ পুনৰ অভিলেখ ভংগ কৰিছো।’ ইফালে, গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ কতৃপক্ষই টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত নবীন কুমাৰক টেবুলত ৰখা আখৰোট ভাঙি থকা দেখা গৈছে। এই ভিডিঅ'ৰ শিৰোনাম দিছে, 'এক মিনিটত মূৰৰে আটাইতকৈ বেছি আখৰোট ভঙাৰ নতুন অভিলেখ গঢ়িলে নবীন কুমাৰে।তেওঁ এক মিনিটত ২৭৩টা আখৰোট ভাঙিছে।'