শ্বাহৰুখৰ বাসগৃহৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা

শ্বাহৰুখৰ বাসগৃহৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা

ডিজিটেল ডেস্ক: মুক্তিৰ অপেক্ষাত থকা ছবি 'জৱান'ৰ টিজাৰ মুকলিৰ পাছৰে পৰাই চৰ্চাৰ শীৰ্ষত আছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান।'বি টাউন'ত ইতিমধ্যেই ব্লকবাষ্টাৰ ঘোষিত 'জৱান'ত শ্বাহৰুখ খানক বহুকেইটা ৰূপত দৰ্শকে দেখিবলৈ পাব। চৌদিশে 'জৱান'ৰ গুণ-গান চলি থকাৰ মাজতেই শেহতীয়াকৈ অনুৰাগীৰ ৰোষত পৰিছে অভিনেতাজন।হয়, এটা বিশেষ বিজ্ঞাপনত অভিনয় কৰাৰ বাবেই এতিয়া অনুৰাগীয়ে শ্বাহৰুখৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি তেওঁৰ ঘৰৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰিছে।

প্ৰকৃততে, অনুৰাগীসকলে অনলাইন গেমিং এপত জুৱাৰ প্ৰচাৰৰ বাবে কিং খানৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ তেওঁৰ ঘৰৰ সন্মুখত প্ৰতিবাদত নামে।অনুৰাগীসকলৰ মতে, শ্বাহৰুখৰ দৰে তাৰকাই এনে  প্ৰচাৰ কৰিলে ই যুৱ প্ৰজন্মক ভুল বাৰ্তা দিয়াৰ লগতে তেওঁলোকক বিপথে পৰিচালিত কৰাত সহায় কৰিব। ক্ষুব্ধ হৈ পৰা অনুৰাগীক দমন কৰিবলৈ এতিয়া শ্বাহৰুখৰ ঘৰৰ বাহিৰত মুম্বাই আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে।

এটা ব্যক্তিগত সংগঠনে শ্বাহৰুখ খানৰ বিৰুদ্ধে অনলাইন জুৱাৰ প্ৰচাৰৰ অভিযোগ তুলি এই প্ৰতিবাদৰ কথা ঘোষণা কৰে। এই প্ৰতিবাদৰ নেতৃত্ব দিয়ে 'আনটাচ ইণ্ডিয়া ফাউণ্ডেচন'ৰ সভাপতি কৃষ্ণচন্দ্ৰ আদলে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কৃষ্ণচন্দ্ৰই কয়, 'কিং খানৰ দৰে ডাঙৰ তাৰকাসকলৰ কথা মানুহে সহজতে মানে। তেওঁলোকেই যদি জুৱাৰ এপৰ প্ৰচাৰ কৰে, তেতিয়া সমাজৰ বাবে ই অতি ভয়াৱহ হৈ পৰিব পাৰে। কিয়নো তেওঁৰ দৰে তাৰকাৰ এনে কৰ্ম-কাণ্ডই বিশেষকৈ যুৱ প্ৰজন্মৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।সেয়েহে আমি ক'ব বিচাৰো যে এনে জুৱা এপবোৰৰ প্ৰচাৰ যাতে কোনেও নকৰে। অন্যথা আমি বাৰে বাৰে প্ৰতিবাদ কৰিব লাগিব।' আৰক্ষীয়ে কাৰোৱাক জুৱা খেলি থকা দেখিলে লগে লগে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। কিন্তু যেতিয়া এই ডাঙৰ তাৰকাসকলে এনেবোৰ সমাজবিৰোধী কাম কৰে, তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ বিপৰীতে তেওঁলোকক ৰক্ষনাবেক্ষণহে দিয়ে বুলিও মন্তব্য কৰে সংগঠনটোৰ সভাপতিজনে।

শ্বাহৰুখৰ বাসগৃহৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা
মুক্তিৰ পূৰ্বেই ‘ব্লকবাষ্টাৰ’ শ্বাহৰুখ খানৰ ‘জৱান’

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in