ওঁঠৰ বিভিন্ন অংশত থকা তিলে কি সূচায়, জানি লওঁক

বিশ্বাস মতে, ওঁঠত তিল থকাসকল খুবেই আকৰ্ষণীয়। সমুদ্ৰ শাস্ত্ৰৰ মতেও যিসকলৰ ওঁঠত তিল আছে, তেওঁলোকক অতি ভাল ব্যক্তিত্বৰ মানৱ বুলি গণ্য কৰা হয়।

author-image
Asomiya Pratidin
New Update
ওঁঠৰ বিভিন্ন অংশত থকা তিলে কি সূচায়, জানি লওঁক

ডিজিটেল ডেস্ক: বিশ্বাস মতে, ওঁঠত তিল থকাসকল খুবেই আকৰ্ষণীয়। সমুদ্ৰ শাস্ত্ৰৰ মতেও যিসকলৰ ওঁঠত তিল আছে, তেওঁলোকক অতি ভাল ব্যক্তিত্বৰ মানৱ বুলি গণ্য কৰা হয়।অৱশ্যে, ওঁঠৰ বিভিন্ন অংশত তিল থকাটোয়ে ইয়াৰ অৰ্থ পৃথক কৰে।আজি এই বিষয়ে জানো আহক-

Advertisment

এগৰাকী মহিলাৰ ওঁঠত তিল থকাৰ অৰ্থ

ওপৰৰ ওঁঠত তিল থকা মহিলা এগৰাকী এখন কোমল অন্তৰৰ তথা এটা অতি আনন্দময় জীৱনৰ গৰাকী। আনহাতে, যদি তিলটো তলৰ ওঁঠত থাকে, তেনেহ'লে ই মহিলাগৰাকী ব্যয়বহুল বস্তু আৰু আৰামদায়ক জীৱন প্ৰতি আকৃষ্ট বুলি প্ৰমাণ কৰে।

এজন পুৰুষৰ ওঁঠত তিলৰ অৰ্থ 

যদি এজন পুৰুযৰ ওপৰৰ ওঁঠত তিল থাকে, তেন্তে সেই ব্যক্তিজন অতি আকৰ্ষণীয়। যদি তিলটো তলৰ ওঁঠত থাকে, তেনেহ'লে ই বুজায় যে মানুহজনৰ জীৱন অতি আৰামদায়ক।

ওঁঠৰ বিভিন্ন ফালে তিল থকাৰ অৰ্থ

যদি তিলটো ওঁঠৰ তলত থাকে, তেন্তে সেই বিশেষ ব্যক্তিজনৰ জীৱনত দৰিদ্ৰতাই বিৰাজ কৰে।ওঁঠৰ তলত তিল থকা লোকসকলে সকলোকে দেখি অসুৰক্ষিত অনুভৱ কৰে।যিসকল লোকৰ ওঁঠৰ ওপৰত বাওঁফালে তিল থাকে, তেওঁলোক সন্তানৰ প্ৰতি খুবেই সহনশীন প্ৰকৃতিৰ হয়। তেওঁলোকৰ উদাৰতাৰ বাবেই পৰিয়ালটোলৈ সুখ আৰু সমৃদ্ধিৰ পৰিৱেশ আহে। এই লোকসকল বিশ্বাসৰ যোগ্য।

ওঁঠত তিল থকা লোকসকল হৃদয়ৰে খুবেই ধনী। যিসকলৰ ওঁঠৰ চাৰিওফালে তিল থাকে তেওঁলোকে সকলোৰে সৈতে খুব মৰমেৰে কথা কয় আৰু তেওঁলোকৰ হৃদয়ত সকলোৰে প্ৰতি প্ৰেম থাকে। ওঁঠৰ বাওঁফালে তিল থকা লোকসকল শিশু প্ৰিয়।ওঁঠৰ সোঁফালে তিল থকা লোকসকল তেওঁলোকৰ সংগীৰ প্ৰতি খুবেই দায়বদ্ধ হয়। একে সময়তে, তল ওঁঠত তিল থকা লোকসকলে খাবলৈ খুব ভাল পায়।এনে লোকসকলে তেওঁলোকৰ নিজৰ নিজৰ ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰে।

জ্যোতিষ শাস্ত্ৰ অনুসৰি, যিসকল লোকৰ তিল ওঁঠৰ সোঁফালে থাকে, তেওঁলোক তেওঁলোকৰ জীৱন সংগীৰ বাবে বহুত ভাগ্যৱান হয়। এনে লোকসকলে তেওঁলোকৰ সংগীৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰে। যিসকল পুৰুষৰ ওপৰৰ ওঁঠত তিল থাকে তেওঁলোক নিজে ব্যৱহাৰ কৰা সা-সামগ্ৰীৰ প্ৰতি খুবেই সচেতন হয়। যিসকল মহিলাৰ ওঁঠৰ সোঁফালে তিল থাকে, তেওঁলোকে তেওঁলোকৰ স্বামীৰ পৰা যথেষ্ট মৰম লাভ কৰে।

আনহাতে, যদি এজন ব্যক্তিৰ ওঁঠৰ বাওঁফালে তিল থাকে, তেন্তে ইয়াক অতি অশুভ বুলি বিবেচনা কৰা হয়। এনে লোকসকলে জীৱনত তেওঁলোকৰ পত্নীৰ পৰা খুব কম সমৰ্থন পায়। কিন্তু এনে লোকসকলৰ প্ৰকৃতি বহুত ভাল হয়।

Also Read: নাকত তিল থকাসকলৰ ভাগ্যৰ বিষয়ে জানি লওক