চুলিত কিদৰে নাৰ্জী ফুল ব্যৱহাৰ কৰিব লাগে জানি লওক

চুলিত কিদৰে নাৰ্জী ফুল ব্যৱহাৰ কৰিব লাগে জানি লওক

ডিজিটেল ডেস্ক : নাৰীৰ সৌন্দৰ্য বিকাশত চুলিৰ ভূমিকা কি, সেয়া হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই। প্ৰতিগৰাকী মহিলাৰে প্ৰথম আকাংক্ষা হৈছে ধুনীয়া আৰু ডাঠ চুলি।চুলি ধুনীয়া কৰি ৰাখিবলৈ মহিলাসকলে চুলিত চিৰাম, তেলকে ধৰি বিভিন্ন প্ৰকাৰৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে।কিন্তু এইসমূহত ৰাসায়নিক পদাৰ্থ যথেষ্ট পৰিমাণে থকা বাবে ই চুলিৰ ক্ষতিহে কৰে।সেয়েহে ছাল-চুলিৰ যত্নৰ বাবে সদায় প্ৰকৃতিক সামগ্ৰীহে ব্যৱহাৰ কৰিব লাগে। প্ৰাকৃতিক বুলি ক’লে নাৰ্জী ফুল চুলিৰ বাবে অতি উপকাৰী। নাৰ্জী ফুলৰ পৰা প্ৰস্তুত কৰা ‘হেয়াৰমাস্ক’ লগালে আপুনি চুলিৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। আজি চুলিত নাৰ্জী ফুলৰ ব্যৱহাৰ আৰু ইয়াৰ পৰা হোৱা লাভালাভ সম্পৰ্কে জানো আহক-

উফিৰ প্ৰতিকাৰক

চুলিৰ পৰা উফি আঁতৰাবলৈ আপুনি নাৰ্জী ফুলৰ পৰা প্ৰস্তুত কৰা স্প্ৰে ব্যৱহাৰ কৰিব পাৰে। এই স্প্ৰেয়ে চুলিৰ উফি দূৰ কৰাৰ লগতে উজ্জ্বল আৰু চুলিৰ বিকাশ উন্নত কৰে।  

এই স্প্ৰে কেনেদৰে প্ৰস্তুত কৰিব ?

. প্ৰথমে ৫-৬ টা সতেজ নাৰ্জী ফুল পৰিস্কাৰ পানীৰে ধুই ল’ব। 

. তাৰ পিছত ফুলৰ পাহিবোৰো পানীৰে ধুব। 

. গেছৰ ওপৰত এটা পাত্ৰ ৰাখি ২ গিলাচ পানী দিব। 

. পানী উতলাবলৈ আৰম্ভ কৰাৰ লগে লগে তাত নাৰ্জী ফুলৰ পাহিবোৰ দি পাত্ৰটো ঢাকি দিব। 

. পানীখিনি ১০-১৫ মিনিটৰ বাবে উতলাব। 

. পাত্ৰটোত পানীখিনি আধা হোৱাৰ লগে লগে গেছটো বন্ধ কৰি পানীখিনি ঠাণ্ডা হ'বলৈ দিয়ক। 

. পানীখিনি ঠাণ্ডা হোৱাৰ লগে লগে ইয়াক স্প্ৰে বটল ভৰাই এই স্প্ৰেটো সপ্তাহত ২ বাৰ চুলিত ব্যৱহাৰ কৰিব। 

. চাফা চুলিতহে এই স্প্ৰে ব্যৱহাৰ কৰিব আৰু ৩০-৪০ মিনিটৰ পাছত চুলিখিনি ধুই পেলাব।


আনহাতে, যদি আপোনাৰ চুলি শুকান আৰু নিষ্প্ৰাণ, তেনেহ'লে আপুনি নাৰ্জী ফুলৰ পৰা প্ৰস্তুত কৰা ‘হেয়াৰমাস্ক’ ব্যৱহাৰ কৰিব পাৰে। ই চুলিত উজ্জ্বলতা আনিব। 

এই ‘হেয়াৰমাস্ক’ৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ- 

নাৰ্জী ফুল - ৩-৪টা 

কল - ১ টা

আগদিনা ৰাতি তিয়াই থোৱা মেথি গুটি - ২ চাহ চামুচ 

বাদাম তেল - ২ টেবল চামুচ

কেনেদৰে ব্যৱহাৰ কৰিব ? 

. প্ৰথমে ফুলৰ পাহিবোৰ পৃথক কৰি পানীৰে চাফাকৈ ধুই ল’ব।

. ইয়াৰ পিছত কলটো কাটি লৈ মেথিৰ গুটি আৰু ফুলৰ পাহিখিনি দি ভালদৰে এটা পেষ্ট প্ৰস্তুত কৰক। 

. এই পেষ্টটোত বাদাম তেল দি চুলি চেম্পু কৰাৰ পিছত এই ‘হেয়াৰমাস্ক’ চুলিত লগাব।

. ১ ঘণ্টাৰ পিছত চুলিখিনি পানীৰে ধুব দিব। 

চুলিত কিদৰে নাৰ্জী ফুল ব্যৱহাৰ কৰিব লাগে জানি লওক
কেতিয়া, কিদৰে নিম পাত খাব লাগে জানি লওক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in