নৃত্য কৰা ব্যক্তিজনৰ আত্মবিশ্বাসক প্ৰশংসা,এইবাৰ ‘চাকি চাকি’ত নৃত্য কৰিবলৈ কৰিলে অনুৰোধ

লণ্ডনৰ মেট্ৰ'ত মলাইকাৰ অৰোৰাৰ ছুপাৰহিট গীত ‘ছইয়া ছইয়া’ত নৃত্য কৰি সকলোকে স্তম্ভিত কৰিলে এজন বিশেষ ব্যক্তিয়ে।ব্যক্তিজনে নৃত্য কৰা এই ভিডিঅ'টো ছ'চিয়েল মেডিয়াত প'ষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে।

author-image
Asomiya Pratidin
New Update
নৃত্য কৰা ব্যক্তিজনৰ আত্মবিশ্বাসক প্ৰশংসা,এইবাৰ ‘চাকি চাকি’ত নৃত্য কৰিবলৈ কৰিলে অনুৰোধ

ডিজিটেল ডেস্ক: লণ্ডনৰ মেট্ৰ'ত মলাইকাৰ অৰোৰাৰ ছুপাৰহিট গীত ‘ছইয়া ছইয়া’ত নৃত্য কৰি সকলোকে স্তম্ভিত কৰিলে এজন বিশেষ ব্যক্তিয়ে।ব্যক্তিজনে নৃত্য কৰা এই ভিডিঅ'টো ছ'চিয়েল মেডিয়াত প'ষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে। 

Advertisment

ভিডিঅ'টো @zanethad নামৰ এটা ইনষ্টাগ্ৰাম প্ৰফাইলৰ পৰা শ্বেয়াৰ কৰা হৈছিল।এই ভিডিঅ'ত লণ্ডনৰ মেট্ৰ'ৰ ভিতৰত এজন ব্যক্তিক দেখিবলৈ পোৱা গৈছে।ব্যক্তিজনে 'ছইয়া ছইয়া' গীতটোত মালাইকা অৰোৰাৰ দৰেই নৃত্য কৰিবলৈ চেষ্টা কৰিছে। প'ষ্টটোৰ 'কেপছন'ত @zanethad য়ে লেখিছে, 'ছইয়া ছইয়া : লণ্ডন সংস্কৰণ।'

ভিডিঅ'টো সকলো ছ'চিয়েল প্লেটফৰ্মত ভাইৰেল হোৱাৰ পাছতে বহু ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্য কৰিছে।এজন ব্যক্তিয়ে লেখিছে, 'আপোনাৰ আত্মবিশ্বাসক অভিবাদন।' আন এজনে লেখিছে, 'বলীউডে আপোনাক বিচাৰি আছে।' বহুতেই আকৌ পৰৱৰ্তী সময়ত তেওঁক বলীউডৰ অন্যতম জনপ্ৰিয় গীত 'চাকি চাকি'ত নৃত্য কৰিবলৈ অনুৰোধ জনাইছে।উল্লেখ্য যে, অধিকাংশই এই ব্যক্তিজনৰ আত্মবিশ্বাসক প্ৰশংসা কৰে।

Also Read: পুৰুষৰ এই অভ্যাসবোৰে অসন্তুষ্ট কৰে মহিলাক