ইউটিউবত শিকিছিল ডিঙি কাটি হত্যা কৰাৰ পদ্ধতি

এতিয়া ছ'চিয়েল মেডিয়াৰ যুগ। সৰুৰ পৰা ডাঙৰলৈ সকলো ছচিয়েল মেডিয়াৰ আসক্ত।বিশেষকৈ সৰু ল'ৰা-ছোৱালীসকল ইয়াৰ গ্ৰাসত খুব বেয়াকৈ পৰিছে।অভিভাৱকে চকু নিদিয়াৰ বাবেই বহুতেই ইয়াৰ কৱলত পৰি অপৰাধমূলক কাৰ্য-কলাপত ব্যস্ত হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
ইউটিউবত শিকিছিল ডিঙি কাটি হত্যা কৰাৰ পদ্ধতি

ডিজিটেল ডেস্ক: এতিয়া ছ'চিয়েল মেডিয়াৰ যুগ। সৰুৰ পৰা ডাঙৰলৈ সকলো আজি ছ'চিয়েল মেডিয়াৰ আসক্ত।বিশেষকৈ সৰু ল'ৰা-ছোৱালীসকল ইয়াৰ গ্ৰাসত খুব বেয়াকৈ পৰিছে।অভিভাৱকে চকু নিদিয়াৰ বাবেই বহুতেই ইয়াৰ কৱলত পৰি অপৰাধমূলক কাৰ্য-কলাপত লিপ্ত হৈ পৰিছে।ছ'চিয়েল মেডিয়াৰ বাবেই শেহতীয়াকৈ কানপুৰত সংঘটিত হৈছে এক ভয়ানক ঘটনা।হয়, দশম শ্ৰেণীৰ ছাত্ৰয়ে চুৰিৰে হানি হত্যা কৰিছে তেওঁৰ সহপাঠীক।

Advertisment

ঘটনাটো কানপুৰৰ বিধনু আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত গোপালপুৰীৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত হৈছে। ঘটনাটোৰ পিছত বাকী শিক্ষাৰ্থীসকলে অভিযুক্ত ছাত্ৰজনক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে। মৃত ছাত্ৰজন গংগাপুৰ কলনিৰ বাসিন্দা সতেন্দ্ৰ তিৱাৰীৰ একমাত্ৰ পুত্ৰ নীলেন্দ্ৰ তিৱাৰী।নীলেন্দ্ৰৰ বয়স মাত্ৰ ১৫ বছৰ।

আটকাধীন ১৩ বছৰীয়া হত্যাকাৰী কিশোৰজনে তেওঁৰ আত্মপক্ষ ৰক্ষা কৰি কয় যে, তেওঁক নীলেন্দ্ৰ তিৱাৰীয়ে পূৰ্বতে আক্ৰমণ কৰিছিল আৰু প্ৰাণে মৰাৰো ভাবুকি দিছিল।যাৰ বাবে তেওঁ নীলেন্দ্ৰক ভয় খুৱাবলৈহে এখন চুৰি বিদ্যালয়লৈ লৈ গৈছিল।তেওঁক হত্যাৰ কোনো পৰিকল্পনা নাছিল।আনহাতে, সহপাঠীসকলে আৰক্ষীক কয় যে অভিযুক্ত কিশোৰজনে নীলেন্দ্ৰৰ ডিঙি আৰু শৰীৰৰ আন অংশত একাধিকবাৰ চুৰিৰে আঘাত কৰে, যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাবটিবলগীয়া হয়।

ইফালে, আৰক্ষীয়ে কঠোৰভাৱে প্ৰশ্ন কৰাৰ পিছত হত্যাকাৰী ছাত্ৰজনে কয় যে, তেওঁ ইউটিউবত কেনেদৰে হত্যা কৰিব লাগে শিকিছিল।তাত তেওঁ দেখিছিল যে যে যদি কাৰোবাৰ ডিঙিত আঘাত কৰা হয়, তেন্তে তেওঁৰ জীয়াই থকাৰ কোনো সম্ভাৱনা নাথাকে। অভিযুক্তজনে লগতে কয় যে, তেওঁ যদি নীলেন্দ্ৰক হত্যা নকৰিলেহেঁতেন, তেন্তে নীলেন্দ্ৰই তেওঁক হত্যা কৰিলেহেঁতেন। সেয়েহে তেওঁৰ ওচৰত আন কোনো বিকল্প নাছিল।তেওঁ পাচলি কটা চুৰি এখন মোনাত লুকুৱাই শ্ৰেণীকোঠালৈ আনি নীলেন্দ্ৰ তিৱাৰীক হত্যা কৰিছিল।

Also Read: মৃত্যৰ ভয়ত ১৮ বছৰ গৰ্ভধাৰণত অতিবাহিত কৰিছে এগৰাকী বিশেষ মহিলাই