ছ’চিয়েল মেডিয়াত ভাইৰেল বিয়াৰ ভিডিঅ’, আৱেগিক ভাৰতীয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ'য়ে তোলপাৰ লগাইছে ছ'চিয়েল মেডিয়া।একে সময়তে এই বিশেষ ভিডিঅ'টো দেখি আৱেগিক হৈছে প্ৰতিগৰাকী ভাৰতীয়।হয়, এই ভিডিঅ'ত দেখা গৈছে যে ভাৰতীয়ৰ পৰম্পৰাগত পোছাক পিন্ধি বিয়াত বহিছে এগৰাকী কোৰিয়ান যুৱতী।

author-image
Asomiya Pratidin
New Update
ছ’চিয়েল মেডিয়াত ভাইৰেল বিয়াৰ ভিডিঅ’, আৱেগিক ভাৰতীয়

ডিজিটেল ডেস্ক: শেহতীয়াকৈ এটা বিশেষ ভিডিঅ'য়ে তোলপাৰ লগাইছে ছ'চিয়েল মেডিয়া।একে সময়তে এই বিশেষ ভিডিঅ'টো দেখি আৱেগিক হৈছে প্ৰতিগৰাকী ভাৰতীয়।হয়, এই ভিডিঅ'ত দেখা গৈছে যে ভাৰতীয়ৰ পৰম্পৰাগত পোছাক পিন্ধি বিয়াত বহিছে এগৰাকী কোৰিয়ান যুৱতী।

Advertisment

কইনাজনীয়ে কাপোৰৰ লগতে পৰম্পৰাগত ভাৰতীয় গহনাও পৰিধান কৰিছে। এই বিয়াখনৰে এটা ভিডিঅ' ইনষ্টাগ্ৰামত প'ষ্ট কৰিলে কইনাৰ হেয়াৰষ্টাইলিষ্টগৰাকীয়ে।কইনাজনীয়ে বিয়াৰ এই বিশেষ দিনটোত ভাৰতীয় পৰম্পৰাগত সাজ পিন্ধাত তেওঁৰ পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়াও এই ভিডিঅ'টোত দেখা গৈছে।

পাতল গুলপীয়া ৰঙৰ সাজ পৰিধান কৰা এইগৰাকী কোৰিয়ান যুৱতীক ভাৰতীয় সাজত দেখি ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে কইনাৰ খুব প্ৰশংসা কৰা দেখা গৈছে।আনহাতে, ভিডিঅ'টো দেখি একাংশই অনুমান কৰিছে যে এইগৰাকী কোৰিয়ান যুৱতী এটা পঞ্জাৱী পৰিয়াললৈ বিয়া হৈছে।

Also Read: স্বামীৰ অকৃত্ৰিম মৰম লাভ কৰে এইসকল মহিলাই