গ্লেমাৰৰ পৰা নিজকে আঁতৰাই দেশ সেৱাত ব্যস্ত এইগৰাকী সুন্দৰী

গ্লেমাৰৰ পৰা নিজকে আঁতৰাই দেশ সেৱাত ব্যস্ত এইগৰাকী সুন্দৰী

ডিজিটেল ডেস্ক: নৃত্য-অভিনয়ৰ সমান্তৰালকৈ ফিটনেছৰ বাবে সকলো সময়তে অনুৰাগীৰ মাজত চৰ্চাত থাকে সুন্দৰী অভিনেত্ৰী দিশা পাটানী। বহুতেই হয়তো নাজানে যে দিশাৰ ভগ্নীও অপূৰ্ব সুন্দৰী।কিন্তু দিশাৰ ভগ্নীৰ চেহেৰা গ্লেমাৰ জগতত চিনাকি নহয়। অপূৰ্ব সৌন্দৰ্যৰ অধিকাৰী হোৱাৰ পাছতো বি টাউনৰ মোহ এৰি তেওঁ এতিয়া দেশ সেৱা কৰাত ব্যস্ত হৈ আছে দিশাৰ ভগ্নী।হয়, দিশাৰ ভগ্নী খুছবু পাটানী ভাৰতীয় সেনাৰ এগৰাকী লেফটেনেণ্ট।

দিশাৰ দৰেই ফিটনেছক লৈ খুব সচেতন লেফটেনেণ্ট খুছবু পাটানী। ছ’চিয়েল মেডিয়াৰ পৰা নিজকে আঁতৰাই ৰখা খুছবু তেওঁৰ পিতৃৰ পৰা অনুপ্ৰাণিত হৈ সেনা বাহিনীত যোগদান কৰিছিল। ১৯৯১ চনৰ ২৩ নৱেম্বৰত উত্তৰ প্ৰদেশৰ বৰেলীত জন্মগ্ৰহণ কৰা খুছবু দিশা পাটানীৰ জ্যেষ্ঠ ভগ্নী। তেওঁৰ পিতৃ জগদীশ সিং পাটনীও আৰক্ষীৰ এজন ডিএছপি ৰেঞ্জ বিষয়া। খুচবু সৰুৰে পৰাই পিতৃৰ দ্বাৰা অনুপ্ৰাণিত আছিল। যাৰ বাবে তেওঁ সেনাত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল। খুছবুয়ে বৰেলীৰ বি বি এল পাব্লিক স্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। পিছত তেওঁ ডিআইটি স্কুল অৱ ইঞ্জিনিয়াৰিঙৰ পৰা ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেশ্বনত বি টেক ডিগ্ৰী লাভ কৰে। পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছতে খুছবুয়ে ভাৰতীয় সেনাত যোগদান কৰে। তেওঁ বৰ্তমান সেনাবাহিনীত লেফটেনেণ্ট হিচাপে সেৱা আগবঢ়াই আছে।

ফিটনেছৰ বিষয়ে ক'বলৈ গ'লে খুছবুয়ে তেওঁৰ ভগ্নী আৰু বলীউডৰ অন্যান্য অভিনেত্ৰীসকলৰ দৰেই ফিট। এগৰাকী বিখ্যাত অভিনেত্ৰীৰ ভগ্নী হোৱাৰ পিছতো এক সুকীয়া পৰিচয়ৰে খুছবুয়ে নিজকে পৰিচয় দি ভাল পায়, যি সঁচাকৈয়ে প্ৰশংসনীয়।

গ্লেমাৰৰ পৰা নিজকে আঁতৰাই দেশ সেৱাত ব্যস্ত এইগৰাকী সুন্দৰী
অনুৰাগীক অন্তৰৰ পৰা কৃতজ্ঞতা জনালে ‘ৰাণী’ আলিয়া ভাটে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in