আৱহমান পৰম্পৰা, কৃষি-সংস্কৃতিৰ প্ৰতীক কাতি বিহু !

অসমীয়াৰ তিনি বিহুৰ অন্যতম কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা অসমীয়াই কাতি বিহু পালন কৰে। এই দিনটোত ইমূৰৰ পৰা সিমুৰলৈ তুলসীৰ তলৰ চাকি আৰু আকাশবন্তিৰে অসমখন উদ্ভাসিত হয়।

author-image
সংগীতা দাস
New Update
kati bihu

ডিজিটেল ডেস্ক: অসমীয়াৰ তিনি বিহুৰ অন্যতম কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা অসমীয়াই কাতি বিহু পালন কৰে। এই দিনটোত ইমূৰৰ পৰা সিমুৰলৈ তুলসীৰ তলৰ চাকি আৰু আকাশবন্তিৰে অসমখন উদ্ভাসিত হয়। কাতি বিহু বুলিলে তুলসীৰ তলৰ চাকিৰ কথা মনলৈ আহিলেও এই বিহুৰ সৈতে বিভিন্ন কৃষি সম্পৰ্কীয়, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস জড়িত হৈ আছে।

অসমীয়াই এই কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে অনুষ্টুপীয়াকৈ পালন কৰে। কিয়নো এই সময়চোৱাত খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ-অনাটনে তেওঁলোকক হেঁচা মাৰি ধৰে । সেয়েহে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় ৷

কাতি বিহু পালনৰ তাৎপৰ্য

কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে অসমীয়া জনজীৱনক এক সুকীয়া মৰ্যাদা প্ৰদান কৰে।অসমত জেঠ, আহাৰ, শাওণ মাহ হৈছে খেতিৰ বতৰ। এই কেইমাহত তীব্ৰ সূৰ্যৰ পোহৰ মূৰত লৈ অশেষ কষ্টৰে খেতিয়কসকলে পথাৰত ভূঁই ৰুয়ে। ইফালে, এই সময়তে পথাৰৰ শস্য নষ্টকাৰী কীট-পতংগৰো উপদ্ৰৱ বেছি হৈ পৰে ৷ পোক-পৰুৱা, চৰাই-চিৰিকটি আদিৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে যাতে লহপহকৈ বাঢ়ি অহা ধাননি পথাৰখন বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে কাতি বিহুত পথাৰত চাকি জ্বলাই কৃষকে প্ৰাৰ্থনা কৰে। কিয়নো সেই সময়ত ধাননি পথাৰত থোক মেলিবলৈ আৰম্ভ কৰে। সেয়েহে, কীট-পতংগ বা অন্যান্য প্ৰাকৃতিক বিপৰ্যয়ৰ পৰা ভগৱান তথা লক্ষ্মীয়ে যাতে পথাৰখন ৰক্ষা কৰি ঘৰত উদং হ'বলৈ ধৰা ভৰাল পুনৰ শস্যৰে ভৰাই তোলে, তাৰ বাবে প্ৰাৰ্থনা জনেৱা হয়। 

আনহাতে, কাতি বিহুৰ দিনা ঘৰৰ ভিতৰ-বাহিৰ, পদূলি আদি চাফা হৈ থাকিলেহে লক্ষ্মীদেৱীয়ে ঘৰত প্ৰৱেশ কৰাৰ বিষটোও লোকবিশ্বাসৰ অন্তৰ্গত। সেয়েহে, এই দিনটোত প্ৰতিঘৰ অসমীয়াই নিজৰ ঘৰৰ বাহিৰ-ভিতৰ পৰিষ্কাৰ কৰি চৌপাশ ধুনীয়াকৈ ৰাখে। সন্ধিয়া প্ৰতিঘৰ অসমীয়াই চোতালৰ আগত বা ভঁৰালৰ কাষত নতুন মাটিৰে ঢিপ তুলি তাত এটা তুলসী পুলি ৰুয়ে। 

বিশ্বাস কৰা হয় যে, কাতি বিহুৰ আবেলিলৈ ঘৰখনৰ খেতিয়কজন অথবা পৰিয়ালৰ কোনো এজনে গৈ পথাৰ খন এবাৰ চাই অহিব লাগে। তাকে নকৰিলে সেই ঘৰখনলৈ লক্ষ্মীৰ আগমন নহয় আৰু ঘৰখনত আকাল, দুখ-কষ্টই আঁৱৰি ধৰে বুলি বিশ্বাস কৰা হয়। সেয়ে ঘৰৰ মূল সদস্যগৰাকীয়ে থুৰিয়া তামোল তিনিখন লৈ পথাৰখন এবাৰ চাবলৈ যায়। লগত নিয়া থুৰিয়া তামোল আগলি কলপাতত আগবঢ়াই ধাননি পথাৰত সেঁৱা লয়।

সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি প্ৰজ্বলন। প্ৰতিগৰাকী চহা অসমীয়াই পথাৰত ওখকৈ বাঁহৰ গোজ পুতি মাটিৰ চাকি, অমিতাৰ ফাল অথবা ঔটেঙাৰ বকলাত চাকি জ্বলাই ধাননিডৰা ভাল হোৱাৰ কামনা কৰে। ঘৰত ভঁৰালত এটা দুনৰি ঘটত কেঁচা পিঠাগুৰি, কল, তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লখিমী আইলৈ বুলি উছৰ্গা কৰে । 

কাতি বিহু মানেই যেন তুলসী তলৰ গধূলি ! সন্ধিয়া এই তুলসীৰ তলত, গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, হাঁহ-ছাগলীৰ গঁড়াল আদিৰ সন্মুখত মাটিৰ চাকি জ্বলাই পৰম্পৰা ৰক্ষা কৰা হয়। তুলসীৰ তলত  মাহ-প্ৰসাদৰ শৰাই আগবঢ়াই তুলসী দেৱীৰ নাম লোৱা হয়। গ্ৰাম্যাঞ্চলৰ প্ৰতিটো চুবুৰীৰ পৰা ভাহি অহা হৰিনামৰ ধ্বনিয়ে আকশ-বতাহ কঁপাই তোলে । ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালীহঁতে তুলসীৰ তলত নাম গাই প্ৰসাদ গ্ৰহণ কৰে ৷ 

আহোমৰ দিনৰে পৰা এই সময়ছোৱাত সৰ্বসাধাৰণ অভাৱ-অনাটনত থাকিলেও, কাতি বিহুক কঙালী বুলি কোৱা হ'লেও এই বিহুক লখিমী বিহু হিচাপেও মান্যতা প্ৰদান কৰি অহা হৈছে। সেই বাবেই উক্ত বিহুৰ দিনা আকাশ বন্তি জ্বলাই চৌপাশ আলোকিত কৰি সমৃদ্ধি কামনা কৰাৰ এক পৰম্পৰাও চলি আহিছে। বিগত কেইবাশ বছৰ ধৰি সত্ৰ নগৰী মাজুলীত এই আকাশ বন্তি প্ৰজ্বলন কৰা কাৰ্যসূচী বছৰটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উৎসৱ তথা পৰম্পৰা হিচাপে পালন কৰি অহা হৈছে।