উচ্চতম ন্যায়ালয়ত যুঁজ দি ৰচিলে ইতিহাস

লক্ষ্য স্থিৰ আৰু কঠোৰ পৰিশ্ৰম কৰিলে সপোন পূৰণ কৰাত একোয়েই হেঙাৰ হ'ব নোৱাৰে।ইয়াকেই যেন প্ৰমাণ কৰিলে এগৰাকী বিশেষ যুৱতীয়ে।তেওঁৰ নাম ছাৰা ছানী।হয়, এইগৰাকী মূকবধিৰ যুৱতী পেছাত এগৰাকী অধিবক্তা।ছাৰাই ভাৰতৰ উচ্চতম ন্যায়ালত সাংকেতিক ভাষাতে এক গোচৰৰ বিৰুদ্ধে যুঁজ দি ইতিহাস ৰচনা কৰিলে।

author-image
Asomiya Pratidin
New Update
উচ্চতম ন্যায়ালয়ত যুঁজ দি ৰচিলে ইতিহাস

ডিজিটেল ডেস্ক: লক্ষ্য স্থিৰ আৰু কঠোৰ পৰিশ্ৰম কৰিলে সপোন পূৰণ কৰাত একোয়েই হেঙাৰ হ'ব নোৱাৰে।ইয়াকেই যেন প্ৰমাণ কৰিলে এগৰাকী বিশেষ যুৱতীয়ে।তেওঁৰ নাম ছাৰা ছানী।হয়,  এইগৰাকী মূকবধিৰ যুৱতী পেছাত এগৰাকী অধিবক্তা।ছাৰাই ভাৰতৰ উচ্চতম ন্যায়ালত সাংকেতিক ভাষাতে এক গোচৰৰ বিৰুদ্ধে যুঁজ দি ইতিহাস ৰচনা কৰিলে।

Advertisment

ভাৰতৰ ন্যায়িক ব্যৱস্থাত এইটো প্ৰথম গোচৰ য'ত, এগৰাকী কাণৰে নুশুনা তথা মুখৰে কথা ক’ব অধিবক্তাই তেওঁৰ গোচৰ উপস্থাপন কৰিছে। অধিবক্তা ছাৰাই ভাৰতীয় সাংকেতিক ভাষাৰ বিশেষজ্ঞ সৌৰভ ৰয় চৌধুৰীৰ সহায়ত ভাৰ্চুৱেল প্ৰক্ৰিয়াৰে এই গোচৰটোৰ বিৰুদ্ধে যুঁজ দিছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে ৰেকৰ্ডত থকা অধিবক্তাৰ জৰিয়তে অনুবাদকক অনুমতি দিবলৈ কৈছিল, যাতে ছাৰাই আদালতক ভালদৰে বুজিবলৈ সক্ষম হয়।

কেৰালাৰ কোট্টায়ামৰ বাসিন্দা ছাৰা এতিয়া বেংগালুৰুৰ বাসিন্দা। অধিবক্তাৰ লগতে তেওঁ এগৰাকী মানৱ অধিকাৰ আইন নেটৱৰ্কৰ এগৰাকী সক্ৰিয় সদস্য। ছাৰাৰ পৰিয়ালে তেওঁক প্ৰতিটো সুখ আৰু দুখত সমৰ্থন কৰি আহিছে। ছাৰাৰ এগৰাকী যমজ ভগ্নীও আছে।তাইৰ নাম মাৰিয়া। দুয়োগৰাকী ভগ্নীয়ে একেখন চহৰৰ জ্যোতিনিৱাস মহাবিদ্যালয়ৰ পৰা তেওঁলোকৰ B.Com ডিগ্ৰী লাভ কৰিছে।মাৰিয়া তাইৰ পিতৃৰ দৰেই এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট।

Also Read: পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে জানেনে ?