/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d52b3a49-20da-401d-8c54-4316f5f52157/world_record.jpg)
ডিজিটেল ডেস্ক: নিজৰ স্তনৰ গাখীৰ দান কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিলে এগৰাকী বিশেষ মহিলাই।তেওঁ ২০১৫ চনৰ ২০ফেব্ৰুৱাৰীৰ পৰা ২০১৮চনৰ ২০ জুনলৈ এটা গাখীৰ বেংকত ১,৫৯৯.৬৮ লিটাৰ নিজৰ স্তনৰ গাখীৰ দান কৰি ইতিহাস সৃষ্টি কৰিছে। ‘গাখীৰ দেৱী’ হিচাপে পৰিচিত এই বিশেষ মহিলাগৰাকীৰ প্ৰকৃত নাম এলিজাবেথ এণ্ডাৰছনে চিয়েৰা। এলিজাবেথে নিঃস্বাৰ্থভাৱে হাজাৰ হাজাৰ শিশুক মাতৃদুগ্ধ দান কৰাৰ সমান্তৰালকৈ অগনন শিশুৰ জীৱন ৰক্ষা কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগনত বাস কৰা এলিজাবেথ দুটা সন্তানৰ মাতৃ।প্ৰকৃততে এলিজাবেথ ২০১৪ চনৰ পৰা হাইপাৰলেক্টেচন চিণ্ড্ৰোম নামৰ এটা ৰোগত আক্ৰান্ত হৈ আছে। তেওঁ তেওঁৰ গাখীৰ অপচয় হোৱাটো বিচৰা নাছিল, যাৰ বাবে আন শিশুক দান কৰি সহায় কৰাৰ সিদ্ধান্ত লৈছিল।এলিজাবেথে প্ৰতিদিনে ২০০ আউন্স মাতৃদুগ্ধ উৎপাদন কৰে, যি হ'ব মুঠ ১.৫ গেলন।এই পৰিমান সাধাৰণ মহিলাই দৈনিক উৎপাদন কৰা দুগ্ধতকৈ ১০ গুণ বেছি। এলিজাবেথে মাতৃদুগ্ধ সংৰক্ষণ কৰিবলৈ ঘৰত পাঁচটা ফ্ৰীজাৰ ব্যৱহাৰ কৰে।
এলিজাবেথে যেতিয়া ১৩ সপ্তাহৰ গৰ্ভৱতী আছিল, তেতিয়া তেওঁ হাইপাৰলেক্টেচন চিণ্ড্ৰোমত আক্ৰান্ত হৈছিল।সেই সময়ত তেওঁ দিনে ২০ আউন্স মাতৃদুগ্ধ উৎপাদন কৰি আছিল। আঠ বছৰৰ পিছত উৎপাদনৰ পৰিমাণ দহগুণ বৃদ্ধি পাইছে।তেওঁৰ তিনিটা সন্তান ডাঙৰ হৈছে যদিও মাতৃদুগ্ধ উৎপাদন এতিয়াও হ্ৰাস বা বন্ধ হোৱা নাই।অগনন শিশুৰ নিজৰ গাখীৰৰে পেট ভৰাই নিজকে যথেষ্ট সুখী অনুভৱ কৰা এলিজাবেথে পৰালৈকে এইদৰে শিশুৰ বাবে সেঁৱা আগবঢ়াব বুলি আশাবাদী।
Also Read: বিবাহিত জীৱনত অশান্তি হ’লে তুলসীৰ তলত কৰিব এই কাম
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us