আদৰ্শ! ভিগনেশৰ কৃত্বিতত আনন্দিত সমগ্ৰ দেশবাসী

যদি দৃঢ়তাৰে কঠোৰ পৰিশ্ৰম কৰি জীৱনৰ পথত আগবাঢ়ি যোৱা হয়, তেতিয়া সফলতা লাভ কৰাটো অসম্ভৱ নহয়। ইয়াৰ এক জলন্ত উদাহৰণ তামিলনাডুৰ ডেলিভাৰী বয় ভিগনেশ। অশেষ কষ্ট তথা প্ৰৱল ইচ্ছাশক্তিৰ বলত ভিগনেশে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ বহলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
আদৰ্শ! ভিগনেশৰ কৃত্বিতত আনন্দিত সমগ্ৰ দেশবাসী

ডিজিটেল ডেস্ক: যদি দৃঢ়তাৰে কঠোৰ পৰিশ্ৰম কৰি জীৱনৰ পথত আগবাঢ়ি যোৱা হয়, তেতিয়া সফলতা লাভ কৰাটো অসম্ভৱ নহয়। ইয়াৰ এক জলন্ত উদাহৰণ তামিলনাডুৰ ডেলিভাৰী বয় ভিগনেশ। অশেষ কষ্ট তথা প্ৰৱল ইচ্ছাশক্তিৰ বলত ভিগনেশে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ বহলৈ সক্ষম হৈছে। জমেট'য়ে তেওঁলোকৰ কৰ্মচাৰী ভিগনেশৰ কৃতিত্ব উদযাপন কৰি এটা প'ষ্ট টুইট কৰিছে। ইয়াৰ পাছতে সমগ্ৰ দেশবাসীয়ে যুৱকজনক হিয়া উজাৰি শুভকামনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে।

Advertisment

প্ৰকৃততে, ভিগনেশে 'ডেলিভাৰী বয়' হিচাপে কাম কৰি থকাৰ সমান্তৰালভাৱে তেওঁৰ পঢ়া-শুনা অব্যাহত ৰাখিছিল। যাৰ বাবে তেওঁ তামিলনাডু লোকসেৱা আয়োগৰ পৰীক্ষাত তেওঁ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। এই পৰীক্ষাৰ ফলাফল ১২ জুলাইত ঘোষণা কৰা হয়।ভিগনেশৰ এই সাফল্যই স্বাভাৱিকভাৱেই তেওঁৰ পৰিয়ালৰ লগতে জমেটৰ পৰিয়াললৈ সুখৰ বতৰা কঢ়িয়াই আনিছে। যাৰ বাবে জমেট'য়ে টুইটাৰত ভিগনেশৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁক অভিনন্দন জ্ঞাপন কৰিছে।

জমাট'ৰ টুইটাৰ একাউণ্টত এই প'ষ্টটোত লিখা হৈছে, 'ভিগনেশৰ বাবে এটা লাইক, যিয়ে জমাট' ডেলিভাৰী পাৰ্টনাৰ হিচাপে কাম কৰি থাকোতেই তামিলনাডু লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছে।' জমাট'ৰ এই প'ষ্টটো এতিয়া ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। বহু ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে ভিগনেশক নতুন প্ৰজন্মৰ আদৰ্শ বুলি অভিহিত কৰিছে।

উল্লেখ্য যে, তামিলনাডু লোকসেৱা আয়োগৰ পৰীক্ষা হৈছে টিএনপিএছচিৰ দ্বাৰা পৰিচালিত ৰাজ্যিক পৰ্যায়ৰ অসামৰিক সেৱা পৰীক্ষা। টিএনপিএছচিয়ে ১২ জুলাইত সংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিছিল। ভিলেজ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, জুনিয়ৰ এচিষ্টেণ্ট, বিল কালেক্টৰ গ্ৰেড-১, বিল কালেক্টৰ, ফিল্ড এচিষ্টেণ্ট আৰু ষ্ট'ৰ কিপাৰ আদি বিভিন্ন পদ পূৰণ কৰাৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।