বিলাহীৰ সতেজতা কিদৰে অক্ষুন্ন ৰাখিব পাৰি জানেনে ?

বিলাহীৰ সতেজতা কিদৰে অক্ষুন্ন ৰাখিব পাৰি জানেনে ?
Published on
Updated on

ডিজিটেল ডেস্ক: বিলাহীৰ বৰ্ধিত মূল্যই প্ৰতিখন ঘৰতেই প্ৰভাৱ পেলাইছে।দিনক দিনে বিলাহীৰ দাম ইমানেই বৃদ্ধি হৈছে যে, বিলাহী কিনিবলৈ এতিয়া সকলোয়ে দুবাৰ ভাবিবলগীয়া হৈছে। বহুলোকে বিলাহীক ইতিমধ্যে খাদ্য তালিকাৰ পৰা বাদেই দিছে। কিন্তু বিলাহীৰ অবিহনেও খাদ্যৰ সোৱাদ আধৰুৱা।যাৰ বাবে বহু লোকে বিলাহী একেলগে বেছিকৈ কিনে যদিও সেইবোৰ সোনকালেই নষ্ট হ'বলৈ আৰম্ভ কৰে।যাৰ বাবে ইমান দাম দি কিনাৰ পাছতো আপুনি ইয়াক পেলাই দিবলৈ বাধ্য হয়। অৱশ্যে কেতবোৰ উপায় অৱলম্বন কৰি আপুনি বিলাহী দীৰ্ঘদিনলৈ সতেজ কৰি ৰাখিব পাৰে। আজি এই বিষয়ে জানো আহক-

ৰ'দত ৰাখিব 

এদিন ভাল ৰ'দত বিলাহী শুকুৱাই ৰাখিলে ই দীৰ্ঘসময়ৰ বাবে সতেজ হৈ থাকে। আপুনি প্ৰথমে  বিলাহীখিনি ভালদৰে ধুই দুটুকুৰাকৈ কাটি তাত নিমখ সানি ১-২ সপ্তাহৰ বাবে ৰ'দত ৰাখিব। অলপ শুকান হোৱাৰ লগে লগে ভালকৈ সাফৰ মাৰি এটা পাত্ৰত ভৰাই থ'ব। এনেদৰে বিলাহী দীঘলীয়া সময়ৰ বাবে সতেজ হৈ থাকিব।

মাইক্ৰ'ৱেভ কৰিব

ইয়াৰ বাহিৰেও, আপুনি মাইক্ৰ'ৱেভতো বিলাহী শুকুৱাই দীৰ্ঘদিনলৈ সংৰক্ষণ কৰিব পাৰে। অ'ভেনত শুকুৱাই লোৱা বিলাহীখিনিত অ'লিভ অইল প্ৰয়োগ কৰি কাঁচৰ পাত্ৰত ভৰাই ফ্ৰীজত ৰাখিব। প্ৰয়োজন হ'লেই ফ্ৰীজৰ পৰা ওলিয়াই ইয়াক ব্যৱহাৰ কৰক। 

ফ্ৰীজাৰত ৰাখিব 

দীঘলীয়া সময়ৰ বাবে বিলাহী সংৰক্ষণ কৰিবলৈ আপুনি বিলাহীখিনি ফ্ৰীজাৰত ৰাখিব পাৰে। কিন্তু মনত ৰাখিব যে বিলাহীখিনি ফ্ৰিজাৰত থওঁতে ওপৰৰ অংশটো কাটি পেলাই দিব।যদি গোটা বিলাহী ফ্ৰীজাৰত ৰাখিব নিবিচাৰে, তেন্তে আপুনি বিলাহীখিনি পানীত উতলাই ঠাণ্ডা হোৱাৰ লগে লগে পিউৰি প্ৰস্তুত কৰি  ফ্ৰীজাৰত ৰাখিব পাৰে।

তৈয়াৰ কৰক পাউডাৰ

আপুনি বিচাৰিলে বিলাহীৰ পাউদাৰো বনাব পাৰে। পাউডাৰ বনাবলৈ বিলাহীখিনি ভালদৰে ধুই মিহিকৈ কাটি ৰ'দত শুকুৱাব। তাৰ পিছত সেইবোৰ দুসপ্তাহৰ পিছত বেক কৰক। বিলাহীখিনি কঠিন নোহোৱালৈকে বেক কৰক। কঠিন হ'লে তাক মিক্সাৰত গুৰি কৰি পাউডাৰ প্ৰস্তুত কৰি লব।এই পাউডাৰটো কাঁচৰ পাত্ৰত সংৰক্ষিত কৰিব।

বিলাহীৰ সতেজতা কিদৰে অক্ষুন্ন ৰাখিব পাৰি জানেনে ?
আমাৰ শীৰৰটোক চাহে কিদৰে প্ৰভাৱিত কৰে জানেনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in