
ডিজিটেল ডেস্ক: জীৱনশৈলী আৰু খাদ্যাভ্যাস সলনি হোৱাৰ পৰিপেক্ষিতত আজিকালি বহু স্বাস্থ্য সমস্যাই দেখা দিছে। এই সমস্যাবোৰৰ ভিতৰত এক অন্যতম সমস্যা হ'ল শালমইনাৰ সমস্যা। ছালত অতিৰিক্ত তেল, মৃত কোষ আৰু বেক্টেৰিয়া জমা হোৱাৰ ফলত শালমইনা হয়। কিন্তু কেৱল এই কাৰণেই নহয়, আন কিছুমান কাৰণৰ বাবেও মুখত শালমইনাৰ সমস্যা হ'ব পাৰে। শেহতীয়াকৈ বিশেষজ্ঞসকলে শালমইনা হোৱাৰ এটা বিশেষ কাৰণৰ বিষয়ে উল্লেখ কৰিছে। যিটো শুনি আপুনি আচৰিত হোৱাটো একেবাৰেই নিশ্চিত।আজি এই বিষয়ে জানো আহক-
এই অভ্যাসৰ ফলত হয় শালমইনাৰ সমস্যা
বিশেষজ্ঞসকলৰ মতে, মুখৰ ভিতৰখন পৰিস্কাৰ নহ’লেও শালমইনাৰ সমস্যা হয়।যদি আপোনাৰ গা ধোৱাৰ পিছত ব্ৰাছ কৰাৰ অভ্যাস আছে, তেনেহ'লে ইয়াৰ ফলতো আপোনাৰ মুখত শালমইনা হ'ব পাৰে।কিয়নো ব্ৰাছ কৰোঁতে মুখৰ পৰা বেক্টেৰিয়া ছালত সোমাই যাব পাৰে।এনেদৰে মুখৰ পৰা মুখৰ ছাললৈ বেক্টেৰিয়া যোৱাৰ ফলত থুঁতৰিৰ চাৰিওফালে মুখৰ ওচৰত জ্বলা-পোৰা হ'ব পাৰে, যাৰ ফলত শালমইনা ওলাবলৈ আৰম্ভ কৰে।
ছালখনক উজ্জ্বল আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ এইসমূহ দিশত মন দিব-
হাত পৰিস্কাৰ কৰি ৰাখিব
মুখখন স্পৰ্শ কৰাৰ আগতে হাত দুখন পৰিস্কাৰকৈ ধুই ল’ব।বিভিন্ন কাম-বন কৰাৰ ফলত হাতত বহু বেক্টেৰিয়া লাগি থকাৰ সম্ভাৱনা থাকে। সেয়েহে আমাৰ হাত দুখন সকলো সময়তে পৰিস্কাৰ কৰি ৰখাটো খুবেই জৰুৰী।
ব্ৰাছ কৰোতে সাৱধান হ’ব
দাঁত ব্ৰাছ কৰাৰ পিছত মুখৰ চাৰিওফালটো ভালদৰে ধুই পেলাব।এনেদৰে ধুলেহে মুখখন সম্পূৰ্ণৰূপে পৰিস্কাৰ হ'ব।
মুখখন ধুই থাকিব
ছালত থকা অতিৰিক্ত তেল হ্ৰাস কৰা তথা ছালত থকা লেতেৰা আৰু যিকোনো ধৰণৰ সমস্যা আঁতৰ কৰিবলৈ মুখখন পৰিস্কাৰ কৰি ধুই থাকিব। ই ছালৰ সমস্যাৰ আশংকা বহুখিনি হ্ৰাস কৰিব।
এইটোও মনত ৰাখিব
সকলোৰে ছালৰ প্ৰকাৰ বেলেগ বেলেগ। এজন ব্যক্তিৰ ছালত যি খাপ খায়, সেয়া আন এজনৰ বাবেও সঠিক নহ’বও পাৰে।ইয়াৰ উপৰিও,শালমইনাৰ সমস্যা আনুবংশিক, হৰমন, আহাৰ আৰু ছালৰ যত্নত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ ফলতো হ’ব পাৰে।