আমেৰিকাৰ বিমানবন্দৰত জিৰাফৰ মলসহ গ্ৰেপ্তাৰ মহিলা

চখ পূৰণৰ বাবে মানুহে কি নকৰে ! জিৰাফৰ মলৰে নেকলেছ তৈয়াৰ কৰি পিন্ধাৰ চখতে আমেৰিকাত শেহতীয়াকৈ এগৰাকী মহিলা গ্ৰেপ্তাৰ হৈছে।হয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানবন্দৰত শুল্ক বিষয়াই দেশখনত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে জিৰাফৰ মল থকা এটা বাকচসহ গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক।

author-image
Asomiya Pratidin
New Update
আমেৰিকাৰ বিমানবন্দৰত জিৰাফৰ মলসহ গ্ৰেপ্তাৰ মহিলা

ডিজিটেল ডেস্ক: চখ পূৰণৰ বাবে মানুহে কি নকৰে ! জিৰাফৰ মলৰে নেকলেছ তৈয়াৰ কৰি পিন্ধাৰ চখতে আমেৰিকাত শেহতীয়াকৈ এগৰাকী মহিলা গ্ৰেপ্তাৰ হৈছে।হয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানবন্দৰত শুল্ক বিষয়াই দেশখনত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে জিৰাফৰ মল থকা এটা বাকচসহ গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। এই ঘটনা আমেৰিকাৰ মিনেচ'টাৰ মিনিয়াপলিছ-ছেইণ্ট পল বিমানবন্দৰত সংঘটিত হৈছে।

Advertisment

মহিলাগৰাকী কোন?

এই মহিলাগৰাকী আইৱাৰ বাসিন্দা।জিৰাফৰ মল সংগ্ৰহ কৰি জমা কৰা কামত তেওঁ দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছে। 

মহিলাগৰাকীয়ে ক'ত পাইছিল জিৰাফৰ মল?

শুল্ক বিষয়াৰ সন্মুখত মহিলাগৰাকীয়ে প্ৰকাশ কৰা মতে কেনিয়া ভ্ৰমণৰ সময়ত তেওঁ এই জিৰাফৰ মলখিনি সংগ্ৰহ কৰিছিল আৰু নেকলেছ তৈয়াৰ কৰিবলৈ এইসমূহ লগত লৈ আহিছিল।

জিৰাফৰ মল সংগ্ৰহ কৰাটো বেআইনী নেকি?

মিনেচ'টা পাব্লিক ৰেডিঅ'ৰ মতে, সঠিক অনুমোদন আৰু নিৰীক্ষণৰ সৈতে জিৰাফৰ মল আমেৰিকা যুক্তৰাজ্যলৈ আমদানি কৰিব পাৰি।

মহিলাগৰাকী শাস্তিৰ সন্মুখীন হৈছে নেকি? 

মহিলাগৰাকীয়ে এই মলসমূহ শুল্ক বিষয়াক দি দিয়াৰ বাবে তেওঁ কোনো শাস্তিৰ সন্মুখীন নহয়।

বিষয়াসকলে মলসমূহ কি কৰিছিল?

স্থানীয় কৃষি বিশেষজ্ঞসকলে জিৰাফৰ মলসমূহ আৱৰ্জনাৰ দৰেই পেলাই দিছিল।

আনহাতে, এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুল্ক আৰু সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰ সঞ্চালক লাফণ্ডা ডি চাটন-বাৰ্কে কয়, ‘আমেৰিকালৈ জীৱ-জন্তুৰ মল অনাটো একপ্ৰকাৰ নিসিদ্ধ। কিয়নো মলৰ পৰা যিকোনো ৰোগত আক্ৰান্ত হোৱা তথা গুৰুতৰ স্বাস্থ্যসমস্যা হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি।’

Also Read: অচিনাকী ব্যক্তিলৈ ভুলতে পঠিয়ালে মোটা অংকৰ ধন, তাৰ পিছত কি হ’ল জানেনে ?