/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/3pde2rk8/WhatsApp Image 2024-08-26 at 12.23.10 PM (1).jpeg)
Ganesh Chaturthi
Ganesh Chaturthi: গণেশ চতুৰ্থী হৈছে হিন্দু দেৱতা গণেশৰ বাৰ্ষিক উপাসনা উৎসৱ।হিন্দু ধৰ্মত শিৱ আৰু পাৰ্বতীৰ পুত্ৰ গণেশক বুদ্ধিমত্তা, সমৃদ্ধি আৰু সৌভাগ্যৰ সৰ্বোচ্চ দেৱতা হিচাপে গণ্য কৰা হয়।বিশ্বাস অনুসৰি, এই বিশেষ দিনটোত ভগৱান গণেশ তেওঁৰ ভক্তসকলৰ আকাংক্ষা পূৰণ কৰিবলৈ পৃথিৱীলৈ নামি আহে।
বিশ্বব্যাপী হিন্দু সম্প্ৰদায়ৰ মাজত উদযাপিত গণেশ চতুৰ্থী ভাৰতত প্ৰাথমিকভাৱে মধ্য আৰু পশ্চিম ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, গোৱা আৰু দক্ষিণ ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, টেলেংগানা, টামিলনাডু, কেৰালা তথা পূৱৰ ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগ আৰু উৰিষ্যাত বিশেষভাৱে স্থানীয় সমাজ গোটৰ দ্বাৰা ঘৰত আৰু ৰাজহুৱাভাৱে পালন কৰা হয়। অসমতো কোনো কোনো ঠাইত অনুস্থুপীয়াকৈ গণেশ চতুৰ্থী অনুষ্ঠিত কৰা হয়।ভাৰতৰ বাহিৰেও এই উৎসৱ নেপালত উদযাপন কৰা হয়। শ্ৰীলংকাৰ তামিল হিন্দুসকলেও গণেশ চতুৰ্থী উদযাপন কৰে।গণেশ চতুৰ্থীক সংস্কৃত, কানাড়া, তামিল আৰু তেলেগু ভাষাত গণেশোৎসৱ, বিনায়ক চতুৰ্থী বা বিনায়ক চভিথি বুলি জনা যায়। কোঙ্কণী ভাষাত এই উৎসৱৰ নাম হৈছে চৱথা (বাথা)। আনহাতে, এই উৎসৱক নেপালী ভাষাত চাথা বুলি কোৱা হয়।
গণেশ চতুৰ্থী ভগৱান গণেশৰ জন্ম জয়ন্তী হিচাপে পালন কৰা হয়। হিন্দু বৰ্ষপঞ্জী অনুসৰি, ভাদ মাহত শুক্লা চতুৰ্থীৰ চতুৰ্থ দিনটোত ভগৱান গণেশক পূজা কৰা হয়। সাধাৰণতে এই দিনটো ২০ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰৰ মাজৰ যিকোনো সময়ত পৰে। দহ দিনীয়া গণেশোৎসৱ অনন্ত চতুৰ্দশীত সমাপ্ত হয়।
গণেশ উৎসৱৰ আৰম্ভণিতে গণেশৰ মূৰ্তি ঘৰলৈ আনি বা মন্দিৰত খুব ধুনীয়াকৈ সজোৱা হয়। প্ৰাণপ্ৰতিষ্ঠাৰ দ্বাৰা গণেশ চতুৰ্থীৰ পূজা আৰম্ভ হৈ ৰীতি-নীতি-নিয়মৰ মাজৰে গণেশৰ উপাসনা কৰা হয়। বৈদিক স্তোত্ৰৰ উচ্চাৰণত গণেশক ৰঙা চন্দন, হালধীয়া আৰু ৰঙা ফুলেৰে অভিষিক্ত কৰা হয়। গণেশক নাৰিকল, গুড় আৰু ২১ টা মোদক (মিঠাই ) আগবঢ়োৱা হয়, যাক গণেশৰ প্ৰিয় খাদ্য বুলি গণ্য কৰা হয়।
১০ দিনীয়া এই উৎসৱৰ শেষৰ দিনটোক অনন্ত চতুৰ্দশী বুলি জনা যায়। এই দিনটোতে ঢোল, ভক্তিমূলক গীত আৰু নৃত্যৰ সৈতে এক বিশাল শোভাযাত্ৰা কৰি স্থানীয় নদীত ভক্তসকলে গণেশৰ মূৰ্তি বিসৰ্জন দিয়ে।
গণেশ চতুৰ্থী উত্সৱ প্ৰথম কেতিয়া বা কেনেদৰে পালন কৰা হৈছিল, তাৰ কোনো সঠিক তথ্য নাই। তথাপিও শিৱাজীৰ যুগ অৰ্থাৎ ১৬৩০-১৬৮০ৰ পৰা এই উৎসৱ পুনেত ৰাজহুৱাভাৱে পালন কৰি অহা হৈছে বুলি জনা যায়।