ডিজিটেল ডেস্ক: জীৱশ্ৰেষ্ঠ মানুহতকৈ অধিক দায়িত্বশীল প্ৰভুভক্ত কুকুৰ । শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এক ভিডিঅ'ই যেন তাকেই প্ৰমাণ কৰিছে।হয়, এই ভিডিঅ'টোত দেখা গৈছে যে এটা কুকুৰে পানীৰ টেপ নিজে খুলি পানী খাইছে আৰু খোৱা হোৱাৰ পাছত টেপটো বন্ধও কৰি দিছে।এই বিশেষ কুকুৰটোয়ে টেপটো খুলিবলৈ আৰু বন্ধ কৰিবলৈ নাকটো ব্যৱহাৰ কৰিছে।
এই ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে এই বিশেষ কুকুৰটোৰ কাণ্ডত সকলো আচৰিত হৈ পৰিছে। অবিশ্বাস্য কথাটো হ'ল যে কুকুৰটোৱে তৃষ্ণা নিবাৰণ কৰাৰ পিছত টেপটো বন্ধ কৰি দিছে।কেতিয়াবা আন জীৱয়েও যে জীৱশ্ৰেষ্ঠক শিক্ষা দিব পাৰে, সেয়া এই কুকুৰটোয়ে এক প্ৰকাৰ প্ৰমাণ কৰি দেখুৱালে।
নেটিজেনসকলে এই কুকুৰটোক মানুহতকৈও অধিক দায়িত্বশীল আৰু চতুৰ বুলি আখ্যা দিছে। এজনে কয়, 'স্মাৰ্ট কুকুৰ ! আটাইতকৈ ভাল কথাটো হ'ল যে তেওঁ টেপটো বন্ধ কৰি দিয়ে।' আন এজনে কয়, 'তেওঁ আমাৰ মানুহতকৈ পানী সংৰক্ষণৰ ক্ষেত্ৰত অধিক দায়বদ্ধ ! '
নেটিজেনসকলে কৰা প্ৰশংসাৰ বাবে কুকুৰটোৰ মালিকজনে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, 'মোৰ কুকুৰ মাৰ্চেল সকলো ক্ষেত্ৰতে আগৰণুৱা।সি অতি দায়বদ্ধ।সি শিকাৰু। তাক যি শিকাও, খুব সোনকালে সি আয়ত্ত কৰিব পাৰে।সি আমাৰ পৰিয়ালৰ সদস্য হোৱাৰ বাবে আমি ভাগ্যৱান।'