শিশুৰ প্ৰাণ বচাবলৈ চিকিৎসকে দান কৰিলে ব’ন মেৰু

কোৱা হয় যে ঈশ্বৰে জীৱন দিয়ে আৰু চিকিৎসকে চিকিৎসা কৰি সেই জীৱন ৰক্ষা কৰে।কিন্তু এজন চিকিৎসকে চিকিৎসা কৰি নহয়, নিজৰ ব’ন মেৰু দান কৰি এটা শিশুৰ জীৱন ৰক্ষা কৰিছে।হয়, চিকিৎসক ডাঃ আলী আলস্মাৰাই ৰক্ষা কৰে এটা ৰুগীয়া শিশুৰ জীৱন।

author-image
Asomiya Pratidin
New Update
শিশুৰ প্ৰাণ বচাবলৈ চিকিৎসকে দান কৰিলে ব’ন মেৰু

ডিজিটেল ডেস্ক: কোৱা হয় যে ঈশ্বৰে জীৱন দিয়ে আৰু চিকিৎসকে চিকিৎসা কৰি সেই জীৱন ৰক্ষা কৰে।কিন্তু এজন চিকিৎসকে চিকিৎসা কৰি নহয়, নিজৰ ব’ন মেৰু দান কৰি এটা শিশুৰ জীৱন ৰক্ষা কৰিছে।হয়, চিকিৎসক ডাঃ আলী আলস্মাৰাই ৰক্ষা কৰে এটা ৰুগীয়া শিশুৰ জীৱন।

Advertisment

ব’ন মেৰু বা হাড়ৰ মজ্জা হৈছে হাড়ৰ মাজৰ স্থান যি ৰঙা, হালধীয়া আৰু বগা ৰক্ত কণিকাৰে গঠিত। লোহিত ৰক্ত কণিকাবোৰে শক্তি প্ৰদান কৰে আৰু শ্বেত ৰক্ত কণিকাবোৰে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে।মানৱীয়তা খাতিৰত এটা কণমানিৰ জীৱন ৰক্ষা কৰা চিকিৎসকজনৰ কাহিনী সম্প্ৰতি ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। 

প্ৰকৃততে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৃদৰোগ বিশেষজ্ঞ আলী আলস্মাৰালৈ এটা ফোন আহিছিল।এই ফোনৰ জৰিয়তেই তেওঁ জানিব পাৰিছিল যে এটা শিশু মাইলইড লিউকেমিয়াত ভুগি আছে আৰু তেওঁক জৰুৰীভাৱে হাড়ৰ মজ্জাৰ প্ৰয়োজন। এই খবৰ লাভ কৰিয়েই অলপো পলম নকৰাকৈ ডাঃ আলস্মাৰা চিকিৎসকৰ ওচৰ পাইছিল। তেওঁ সকলো প্ৰয়োজনীয় চিকিৎসা পৰীক্ষা সম্পন্ন কৰাৰ পাছত হাড়ৰ মজ্জা দান কৰি শিশুটিৰ জীৱন ৰক্ষা কৰিছিল।আনহাতে, জটিল ৰোগত আক্ৰান্ত যিকোনো লোকৰে চিকিৎসাৰ বাবে সম্ভৱ হ’লে সকলোকে আগবাঢ়ি আহিবলৈও ডাঃ আলস্মাৰায়ে আহ্বান জনায়।

Also Read: সাৱধান ! বহু ৰোগৰ কাৰণ পোহনীয়া কুকুৰ-মেকুৰী-মাছ-কাছ-চৰাই