মা লক্ষ্মীৰ কৃপা লাভৰ সহজ উপায় কেইটা আপুনিও জানি লওঁক

মা লক্ষ্মীক সম্পদৰ দেৱী বুলি গণ্য কৰা হয়।ভক্তৰ উপাসনাত সন্তুষ্ট হ'লে মা লক্ষ্মীয়ে ভক্তক কোনো দিনে ধনৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে।মা লক্ষ্মীৰ কৃপাত ঘৰত সুখ-সমৃদ্ধি বৰ্তি থাকে।সেয়েহে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ সকলোয়ে বিচাৰে।

author-image
Asomiya Pratidin
New Update
মা লক্ষ্মীৰ কৃপা লাভৰ সহজ উপায় কেইটা আপুনিও জানি লওঁক

ডিজিটেল ডেস্ক: মা লক্ষ্মীক সম্পদৰ দেৱী বুলি গণ্য কৰা হয়।ভক্তৰ উপাসনাত সন্তুষ্ট হ'লে  মা লক্ষ্মীয়ে ভক্তক কোনো দিনে ধনৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে।মা লক্ষ্মীৰ কৃপাত ঘৰত সুখ-সমৃদ্ধি বৰ্তি থাকে।সেয়েহে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ সকলোয়ে বিচাৰে।বাস্তু শাস্ত্ৰৰ মতে ৰাতিপুৱা কেতবোৰ বিশেষ কাম কৰিলে মা লক্ষ্মী অতি সোনকালে ভক্তসকলৰ প্ৰতি সন্তুষ্ট হয়। আজি এই বিষয়ে জানো আহক-

Advertisment

সূৰ্য দেৱতাক পানী আগবঢ়াব 

ৰাতিপুৱা সোনকালে উঠি গা ধুই তামৰ পাত্ৰ এটাত পানী ভৰাই ল'ব। এই পানীখিনিত অকনমান সেন্দুৰ আৰু ফুল মিহলি কৰি সৃৰ্য দেৱতাক আগবঢ়াব। বিশ্বাস অনুসৰি, এনে কৰাৰ ফলত সূৰ্য দেৱতাৰ লগতে মা লক্ষ্মীৰো কৃপা লাভ কৰিব পাৰি।

 ঘৰটো পৰিস্কাৰ কৰি ৰাখিব

ঘৰটো পৰিস্কাৰ হৈ থাকিলে মা লক্ষ্মী সুখী হয়।সেয়েহে ৰাতিপুৱা উঠিয়েই ঘৰতো পৰিস্কাৰ কৰিহে বেলেগ কামত হাত দিব লাগে। বিশ্বাস মতে, পৰিস্কাৰ ঠাইতহে মা লক্ষ্মী বাস কৰে। গতিকে সদায়ে আপোনাৰ ঘৰটো পৰিস্কাৰ কৰি ৰাখিব।

চাকি জ্বলাব

ৰাতিপুৱা সোনকালে উঠি গা ধুই ঘৰৰ মূল প্ৰৱেশদ্বাৰত ঘিউৰ চাকি জ্বলাব। শাস্ত্ৰত উল্লেখ থকা মতে, ঘৰৰ মূল দুৱাৰত ঘিউৰ চাকি জ্বলালে ঘৰখনত দেৱ-দেৱীসকলে বাস কৰে।এনে কৰাৰ ফলত ঘৰৰ নেতিবাচকতা আঁতৰ হোৱাৰ লগতে আৰু মা লক্ষ্মীৰো আশীৰ্বাদ লাভ কৰিব পাৰি। মূল প্ৰৱেশদ্বাৰত চাকি জ্বলালে বাস্তু ত্ৰুটিবোৰো আঁতৰ হয়। 

তুলসীত পানী দিব 

বিশ্বাস কৰা হয় যে দেৱী লক্ষ্মী তুলসীত বাস কৰে। সেয়েহে এই তুলসীৰ গুৰিত পানী আগবঢ়ালে ঘৰলৈ সুখ আৰু সমৃদ্ধি আনে। তুলসীত পানী আগবঢ়োৱাৰ সময়ত 'ওম ভাগৱতে বাসুদেৱ্য নমহ:' মন্ত্ৰ জপ কৰিব।

হাতৰ তলুৱালৈ চাব 

ৰাতিপূৱা উঠি আপোনাৰ হাতৰ তলুৱালৈ চাব। এনে কৰোতে 'ওম কাৰ্গ্ৰে বস্তে লক্ষ্মী কাৰত সৰস্বতী কাৰ্মুলে তু গোবিন্দা প্ৰভাতে কাৰদৰ্শনমৰ' মন্ত্ৰ জপ কৰক। এইটো বিশ্বাস কৰা হয় যে, সকলো গ্ৰহ আৰু দেৱ-দেৱী হাতৰ তলুৱাত বাস কৰে, সেয়েহে হাতৰ তলুৱালৈ চালে সকলো দেৱ-দেৱীৰে দৰ্শন লাভ কৰিব পাৰি।

Also Read: Vastu Tips: ভাগ্য সলাব পাৰে ঘৰৰ পৰ্দাই, কোনটো কোঠাত কেনে পৰ্দা লগাব লাগে জানি লওক