শনিবাৰে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ, এই সময়খিনিত কি কৰা অনুচিত জানি লওঁক

গ্ৰহণ লাগি থকা সময়খিনিক অতি অশুভ বুলি বিবেচনা কৰা হয়। যাৰ বাবে এই সময়ছোৱাত কোনো শুভ কাম কৰা নহয়।অৱশ্যে এই অন্তিম সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব। তথাপিও সূৰ্যগ্ৰহণৰ সময়ছোৱাত আপুনি কিছু সাৱধানতা অৱলম্বন কৰাটো অতি গুৰুত্বপূৰ্ণ।

author-image
Asomiya Pratidin
New Update
শনিবাৰে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ, এই সময়খিনিত কি কৰা অনুচিত জানি লওঁক

ডিজিটেল ডেস্ক: এইবাৰ বছৰটোৰ অন্তিমটো সূৰ্যগ্ৰহণ হ’ব ১৪ অক্টোবৰত। গ্ৰহণ লাগি থকা সময়খিনিক অতি অশুভ বুলি বিবেচনা কৰা হয়। যাৰ বাবে এই সময়ছোৱাত কোনো শুভ কাম কৰা নহয়।অৱশ্যে এই অন্তিম সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব। তথাপিও সূৰ্যগ্ৰহণৰ সময়ছোৱাত আপুনি কিছু সাৱধানতা অৱলম্বন কৰাটো অতি গুৰুত্বপূৰ্ণ। এই বিশেষ দিনটোত কেতবোৰ কাম কৰাৰ পৰা বিতৰ থাকিব লাগে। আজি এই বিষয়ে জানো আহক-

Advertisment

ঘৰৰ বাহিৰলৈ নোলাব

সূৰ্যগ্ৰহণৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ একেবাৰে ওলাই নাযাব। বিশ্বাস মতে, সূৰ্যগ্ৰহণৰ সময়ত ঋণাত্মক শক্তি বৃদ্ধি হয়, যিয়ে মানৱ শৰীৰৰ অভাৱনীয় ক্ষতি কৰিব পাৰে। সেয়েহে, গ্ৰহণৰ সময়ত কেতিয়াও ঘৰৰ বাহিৰলৈ ওলাব নালাগে।

দেৱ-দেৱীৰ মূৰ্তি স্পৰ্শ নকৰিব

জ্যোতিষ বিশেষজ্ঞসকলৰ মতে, সূৰ্য গ্ৰহণৰ সময়খিনিত দেৱ-দেৱীৰ মূৰ্তি স্পৰ্শ কৰিব নালাগে। গ্ৰহণৰ সময়ত মন্দিৰটো বন্ধ ৰাখিব লাগে। কোৱা হয় যে, গ্ৰহণৰ সময়ত মন্দিৰ খোলা থাকিলে দুখ আৰু দৰিদ্ৰতা বৃদ্ধি হয়।

কোনো শুভ কাম নকৰিব

গ্ৰহণৰ সময়ত কোনো শুভ কাম আৰম্ভ কৰিব নালাগে। গ্ৰহণত শুভ কাম কৰিলে জীৱনলৈ নেতিবাচকতা আহে আৰু আৰম্ভ কৰা কামৰ অশুভ ফলাফল আহে।

চুলি-নখ নাকাটিব

গ্ৰহণৰ সময়ত কেতিয়াও নখ বা চুলি কাটিব আৰু চুলিত তেল ঘঁহিব নালাগে। এনে কৰিলে অশুভ সংবাদ অহাৰ সম্ভাৱনা থাকে।

দৰিদ্ৰক অপমান নকৰিব

এইটো বিশ্বাস কৰা হয় যে সূৰ্যগ্ৰহণৰ সময়ত দৰিদ্ৰলোকক অপমান কৰিলে শনি দেৱৰ খং উঠে আৰু এনে এজন ব্যক্তিয়ে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে।

খাদ্য নাখাব

গ্ৰহণৰ সময়ত খাদ্য খাব নালাগে। এই সময়ছোৱাত ৰাহু-কেতুৰ পৃথিৱীত নেতিবাচক প্ৰভাৱ পৰে, সেয়েহে খাদ্য খালে স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে।

ইশ্বৰৰ নাম নল'ব

গ্ৰহণৰ সময়ত কেতিয়াও উপাসনা কৰিব নালাগে।কিন্তু এই সময়ছোৱাত গায়ত্ৰী মন্ত্ৰ আৰু মহামৃত্যঞ্জয় মন্ত্ৰ উচ্চাৰণ কৰি শুভ ফল লাভ কৰিব পাৰি।

Also Read: শৰীৰত ক’লা সূতা বন্ধাৰ আছে বহু লাভালাভ, নিয়মসমূহ আপুনিও জানি লওঁক