
ডিজিটেল ডেস্ক: গণেশ চতুৰ্থী উদযাপনৰ বাবে এতিয়া সাজু হৈছে সমগ্ৰ দেশবাসী।ভক্তসকলে এইবেলি গণেশ চতুৰ্থী ১৮ ছেপ্টেম্বৰৰ পৰা ১০ দিনলৈ পালন কৰিব গণেশ চতুৰ্থী।এই দিনকেইটাত ভক্তসকলে গণপতিক ঘৰলৈ আনি সম্পূৰ্ণ ৰীতি-নীতিৰে তেওঁক উপাসনা কৰে।বাপ্পাৰ আৰতি প্ৰদৰ্শন আৰু ভোগ-মিঠাই দি ভক্তসকলে তেওঁৰ আশীৰ্বাদ বিচাৰে।কিন্তু, বাস্তু শাস্ত্ৰত বিশ্বাস কৰা হয় যে গণেশ চতুৰ্থীত কিছুমান সামগ্ৰী ঘৰলৈ আনিলে পৰিয়ালটোৰ প্ৰতি গণপতি অতি সোনকালে সন্তুষ্ট হয়। গণপতিৰ আৰ্শীবাদ লাভ কৰিবলৈ সমাগত গণেশ চতুৰ্থীত ঘৰলৈ কি কি সামগ্ৰী আনিব লাগে, আজি জানো আহক-
শংখ
বাস্তু বিশ্বাস অনুসৰি, ঘৰৰ বাস্তু ত্ৰুটি আঁতৰাবলৈ শংখ ৰখাটো শুভ বুলি গণ্য কৰা হয়।শংখৰ এক আশ্চৰ্যকৰ শক্তি আছে, যিয়ে ঘৰলা ইতিবাচকতা আনে। বিশ্বাস কৰা হয় যে যিখন ঘৰত শংখ থাকে, সেইখন ঘৰত মা লক্ষ্মীয়ে বাস কৰে।
গণেশৰ মূৰ্তি
ধৰ্মীয় বিশ্বাস অনুসৰি, ঘৰত গণেশৰ নৃত্য কৰি থকা মূৰ্তি ৰখাটোও শুভ। যদি আপুনি গণেশ চতুৰ্থীত গণেশৰ প্ৰতিমূৰ্তি ঘৰলৈ আনাৰ কথা ভাবি আছে, তেন্তে আপুনি এনে মূৰ্তি আনিব পাৰে। মূৰ্তিটো থওঁতে মনত ৰাখিব যাতে ভগৱান গণেশৰ দৃষ্টি মূল দুৱাৰৰ ফালে থাকে।
কুবেৰৰ মূৰ্তি
ধনৰ দেৱতা কুবেৰক উত্তৰ দিশৰ প্ৰভু বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে যদি ভগৱান কুবেৰ আৰু মাতৃ লক্ষ্মীৰ আশীৰ্বাদ এজন ব্যক্তিৰ ওপৰত থাকে, তেন্তে তেওঁৰ ঘৰত ধনৰ বৰষুণ হয়। কুবেৰৰ মূৰ্তিটো ঘৰৰ উত্তৰ দিশত ৰাখিব লাগে।
একাক্ষী নাৰিকল
গণেশ চতুৰ্থীৰ দিনা যদি ঘৰত একাক্ষী নাৰিকল থাকে, তেন্তে কেতিয়াও ধনৰ অভাৱ নহয়। অৱশ্যে, এই নাৰিকলটো সহজে উপলব্ধ নহয়। সেয়েহে যদি আপুনি এই নাৰিকল বিচাৰি পাই, তেন্তে ভালদৰে এই নাৰিকলটো সুৰক্ষিত কৰি ৰাখিব।একাক্ষী নাৰিকল ঘৰত থাকিলে ঘৰৰ নেতিবাচকতা দূৰ হয়।তদুপৰি, এই নাৰিকলৰ নিয়মীয়া উপাসনাও শুভ বুলি গণ্য কৰা হয়।
বাঁহী
ঘৰত বাঁহী থাকিলে মা লক্ষ্মী থাকে বুলি বিশ্বাস কৰা হয়।তদুপৰি ঘৰত বাঁহী থাকিলে বাস্তু ত্ৰুটিবোৰো আঁতৰ হয়। ঘৰত বাঁহী ৰাখিলে ধনৰ যোগ আহে বুলিও বিশ্বাস কৰা হয়।