প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা

প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা
প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা

১) মোৰ জীৱনটোক প্ৰেমৰ সুখ দিয়াজনলৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা থাকিল।তুমি যিদৰে মোৰ বাবে বিশেষ, ঠিক একেদৰেই তোমাৰ বাবেও আজিৰ দিনটো অসাধাৰণ হওঁক।

প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা
প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা

২) শুভ জন্মদিন। অন্তহীন প্ৰেম আৰু পাহৰিব নোৱাৰা মুহূৰ্তৰে আজিৰ দিনটো তোমাৰ বাবে চিৰস্মৰণীয় হৈ ৰওঁক। 

প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা
প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা

৩) প্ৰেম তথা জীৱন সংগীলৈ জন্মদিনৰ শুভকামনা থাকিল। আহি থকা প্ৰতিটো দিনেই উজ্জ্বল হৈ উঠক।

প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা
প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা

৪) মোৰ পৃথিৱীখন প্ৰেমেৰে উজ্জ্বল কৰি তোলা বিশেষ ব্যক্তিজনক জন্মদিনৰ শুভেচ্ছা জনালো। তোমাক মোৰ কাষত পাই মই কৃতজ্ঞ।

প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা
প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা

৫)  শুভ জন্মদিন। মোৰ হৃদয়ৰ মৰমবোৰ যাতে সদায়েই তুমি গ্ৰহণ কৰা আৰু আমি যাতে সদায়েই আমাৰ অসাধাৰণ প্ৰেম উদযাপন কৰিব পাৰো।

প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা
প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা

৬) মোৰ আটাইতকৈ মৰমৰ, মোৰ প্ৰেমৰ প্ৰতীক, মোৰ জীৱনৰ সকলো হৈ পৰা বিশেষ ব্যক্তিগৰাকীক জন্মদিনৰ শুভেচ্ছা জনালো।জীৱনটোত তুমি মনৰ জোখাৰে সুখী হোৱা।

প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা
প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা

৭) যিজনে মোৰ প্ৰতিটো দিন উজ্জ্বল কৰে, প্ৰতিটো মুহূৰ্ত বিশেষ কৰে, আজি তেওঁৰ বিশেষ দিন। শুভ জন্মদিন ! তুমি মোৰ প্ৰেমেই নহয়, মোৰ সকলো তুমিয়েই।

প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা
প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা

৮)  যিজনে মোক সকলো ফালৰ পৰাই সম্পূৰ্ণ কৰে, তেওঁক জন্মদিনৰ শুভেচ্ছা জনালো। তোমাৰ প্ৰেম মোৰ বাবে ইন্ধন, যিয়ে মোক আগুৱাই লৈ যায়।সদায় সুখী হোৱা, তাৰেই কামনা। 

৯) তোমাৰ এই বিশেষ দিনটোত মোৰ সকলো মৰম আৰু আন্তৰিক শুভেচ্ছা প্ৰেৰণ কৰিছো। শুভ জন্মদিন, মোৰ প্ৰেম !

১০) মোৰ জীৱনটো সম্পূৰ্ণ কৰাজনক জন্মদিনৰ শুভেচ্ছা জনালো। তোমাক জীৱন সংগী হিচাপে লাভ কৰি নিজকে ধন্য অনুভৱ কৰিছো।

১১) মোৰ প্ৰাণৰ বন্ধু, মোৰ সংগী আৰু মোৰ আটাইতকৈ ভাল বন্ধুক জন্মদিনৰ শুভেচ্ছা জনালো।মোৰ পৃথিৱীখন উজ্জ্বল কৰি ৰখাৰ বাবে ধন্যবাদো জনাইছো।জীৱনত বিচৰা ধৰণৰেই তুমি সুখী হোৱা, আজি এই বিশেষ দিনটোত ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছো।

১২) শুভ জন্মদিন ! তুমি কুশলে থাকা।তোমাৰ সকলো সপোন দিঠকত পৰিণত হওঁক। আজি তোমাৰ জন্মদিনৰ দিনাই ইশ্বৰৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছো।

১৩) তুমি যি বাঞ্চা কৰা, ভগৱানে তোমাক সেই সকলোবোৰ দিয়ক। জন্মদিনৰ বহুত বহুত শুভকামনা।

১৪) আন এটা দুঃসাহসিক অভিযানপূৰ্ণ বছৰে তোমাৰ বাবে অপেক্ষা কৰি আছে। শুভ জন্মদিন।

১৫) তুমি অতীতত সকলোৰে মাজত বিলাই দিয়া সুখ-আনন্দবোৰ আজিৰ দিনটোত তোমাৰ ওচৰলৈ ঘূৰি আহক। জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিলো।

১৬) আজিৰ এই বিশেষ দিনটোত তোমাৰ সুস্বাস্থ্য কামনা কৰিলো। ভগৱানে তোমাৰ মংগল কৰক।

১৭) মোৰ জীৱনত গুৰুতৰ প্ৰভাৱ পেলোৱা ব্যক্তিগৰাকীৰ আদি ওপজা দিন।ভগৱানে তোমাক সকলো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ শক্তি দিয়ক। জন্মদিনৰ শুভেচ্ছা!

১৮) তুমি নিজেই মোৰ বাবে আৰু এই পৃথিৱীৰ বাবে এক উপহাৰ।তোমাকনো আজি কি উপহাৰ দিম ! শুভ জন্মদিন।

১৯) বছৰবোৰ গণনা নকৰিবা, তুমি জীয়াই থকা জীৱনটো গণনা কৰা। অনাগত দিনবোৰ যাতে তুমি বিচৰা ধৰণৰে পাৰ কৰিব পাৰা। শুভ জন্মদিন।

২০) অতীতক পাহৰি যোৱা আৰু ভৱিষ্যতৰ ভাল দিনবোৰৰ বাবে অপেক্ষা কৰা।জীৱনৰ সৰ্বশ্ৰেষ্ঠ সময় এতিয়াও আহিবলৈ বাকী।মৰমেৰে তোমাক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালো।

২১) জন্মদিন হৈছে এক নতুনৰ আৰম্ভণি।এয়া নতুন লক্ষ্যৰ সৈতে নতুন পথৰে আগবাঢ়ি যোৱাৰ সময়।আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ি যোৱা। আজিৰ এই বিশেষ দিনটোত হিয়াভৰা শুভেচ্ছা জনালো।

২২) আজি আন ৩৬৫ দিনৰ যাত্ৰাৰ প্ৰথম দিন।এই যাত্ৰাটো উপভোগ কৰা।তুমি আন বহুজনৰ আদৰ্শ হোৱা। শুভ জন্মদিন।

২৩) ধুনীয়া ছোৱালীজনীলৈ জন্মদিনৰ বহুত শুভকামনা।তোমাৰ দৰেই ধুনীয়া হওঁক তোমাৰ জীৱন।সদায় আগৱাই যোৱা।তাৰেই কামনা।

২৪) তুমি মোৰ বাবে অতি বিশেষ।তোমাৰ এই দিনটো বিশেষ কৰি তুলিবলৈ মই এবছৰ অপেক্ষা কৰো।তোমাৰ দৰেই বিশেষ হওঁক তোমাৰ জীৱন।সদায়েই মোৰ বাবে বিশেষ হৈ থাকিবা।জন্মদিনত বহুত বহুত মৰম আৰু শুভকামনা।

২৫)তোমাৰ জন্মদিনত মই  পৃথিৱীৰ আটাইতকৈ আকৰ্ষণীয় উপহাৰটো তোমাক দিয়াৰ কথা ভাবিছিলো। কিন্তু তেতিয়া মই অনুভৱ কৰিলোঁ যে সেয়া সম্ভৱ নহয়, কিয়নো তুমি নিজেই পৃথিৱীৰ আটাইতকৈ আকৰ্ষণীয় উপহাৰ।

২৬) আজি তোমাৰ দিন। এই বিশেষ দিনটোত মই তোমাৰ সফল জীৱনৰ কামনা কৰিলো।শুভ জন্মদিন !

২৭) তোমাক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালো। এই বছৰটোয়ে যাতে তোমাৰ জীৱনলৈ কঢ়িয়াই আনে সুখ-সমদ্ধিৰ বতৰা।সদায় হাঁহি থাকিবা।

২৮) আজি এই বিশেষ দিনটোত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো যাতে ভগৱানে তোমাক কুশলে ৰাখক।জীৱনত শুদ্ধ পথৰে আগবাঢ়ি যোৱা, তাৰেই কামনা কৰিলো।

২৯) ওপজা দিনৰ হিয়াভৰা ওলগ জনালো।জীৱনৰ এই নতুন বছৰটোয়ে যাতে তোমাৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনে, তাৰেই কামনা কৰিলো।

৩০) যিজনে মোৰ হৃদয়ৰ চাবিকাঠি ধৰি ৰাখে, তেওঁক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালো। মোৰ জীৱনৰ আটাইতকৈ বিশ্বাসযোগ্য সংগী হোৱাৰ বাবে তোমাক ধন্যবাদ।

৩১)প্ৰিয়জনৰ Birthday ত ৰাতি ১২ বজাত Wish কৰাৰ আমেজে সুকীয়া।এতিয়া ১২ বাজিছে আৰু মোৰ ফালৰ পৰা তোমাক বহু বহু শুভেচ্ছা জনালো। Let’s have some fun!

৩২)তুমি মোক প্ৰেম, আনন্দ, সাহস, মৰম, প্ৰেৰণা সকলো দি আহিছা।আজি তোমাৰ জন্মদিনত তোমাৰ লগত বাকী থকা জীৱন কটোৱাৰ প্ৰতিশ্ৰুতি দিলো। Happy Birthday!

৩৩) সাগৰত পানী যিমান, মোৰ তোমাৰ প্ৰতি থকা মৰমো সিমান। Happy Birthday sweetheart!

৩৪ ) তোমাৰ মোৰ জীৱনত আগমনে মোৰ সৰু পৃথিৱী খন পূৰ্ণ কৰিলা। Happy Birthday Dear.

৩৫) তোমাৰ অবিহনে মোৰ চিন্তা অপূৰ্ণ, মন আচন্ন, সুখ আধৰুৱা এক কথাত সকলো অসম্পূৰ্ণ। আজি তোমাৰ এই বিশেষ দিনটোত আন্তৰিক শুভকামনা জনালো। সদায় মোক আগবঢ়াই নিব পৰাকৈ সামৰ্থ হৈ থাকা। 

৩৬) জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালো। আশাকৰো আজিৰ এই বিশেষ মূহুৰ্তই তোমাৰ জীৱনলৈ সীমাহীন সুখ, মৰম, আনন্দ আৰু সফলতা কঢ়িয়াই আনে।

৩৭) আজিৰ এই বিশেষ দিনটোত প্ৰতিটো ক্ষণ আনন্দৰে উপচি পৰক। তাৰে কামনাৰে শুভ জন্মদিন।

৩৮)তোমাৰ জীৱনৰ প্ৰতিটো সময় অধিক সুখেৰে অতিবাহিত কৰা আৰু প্ৰতিটো জন্মদিনত অধিক আনন্দৰে উপভোগ কৰা। শুভ জন্মদিন।

৩৯)আজি মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু সুখৰ দিন। কাৰণ আজি তোমাৰ জন্মদিন। ওপজা দিনৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাছিলো।

৪০)প্ৰতিটো জনমত তোমাকেই যেন মোৰ সংগী হিচাপে পাওঁ, তাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছো। আশাকৰো ভগৱানে তোমাৰ মঙ্গল কৰক। তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালো।

প্ৰিয়জনক এইদৰে জনাওঁক জন্মদিনৰ শুভেচ্ছা
ছালৰ ৰং ক'লা হোৱাৰ বাবে স্বামীক কৰে অপমান, অৱশেষত হ’লগৈ বিবাহ বিচ্ছেদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in