
ডিজিটেল ডেস্ক: এইবাৰ উদণ্ড স্কুটাৰ আৰোহীৰ আক্ৰমণৰ বলি হবলগীয়া হ’ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চমুকৈ ইছৰোৰ এগৰাকী বিজ্ঞানী। হয়, ইছৰোৰ এগৰাকী বিজ্ঞানীয়ে কৰ্ণাটকৰ বেংগালুৰুত তেওঁৰ কৰ্মস্থানলৈ যাওঁতে এই আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে।ছ’চিয়েল মেডিয়াযোগে এই ঘটনা ৰাজহুৱা কৰিছে আশীষ লাম্বা নামৰ ভুক্তভোগী বিজ্ঞানীজনে ।তেওঁ উল্লেখ কৰা মতে, ইছৰোৰ কাৰ্যালয়লৈ যাওঁতে হেলমেট পৰিধান নকৰা এজন স্কুটাৰ আৰোহীয়ে হঠাতে তেওঁৰ গাড়ীৰ সন্মুখত পৰে।বিজ্ঞানীজনে কোনোমতে ব্ৰেক মাৰি ৰৈ যায় যদিও স্কুটাৰ আৰোহীজনে গাড়ীৰ সন্মুখত ৰৈ তেওঁক অশ্লীল ভাষাৰে বহু গালি-গালাজ কৰে।
গাড়ীখনৰ ডেশ্বব'ৰ্ড কেমেৰাত বন্দী হোৱা ভিডিঅ' ফুটেজ আৰু ফটো ছ’চিয়েল মেডিয়াত প'ষ্ট কৰি আশীষ লাম্বায়ে উল্লেখ কৰে যে, ঘটনাটো ২৯ আগষ্টত বাংগালুৰুৰ পুৰণি বিমানবন্দৰ পথত শেহতীয়াকৈ নিৰ্মিত এইচএএল আণ্ডাৰপাছৰ ওচৰত সংঘটিত হৈছিল। তেওঁ বিৱৰণ দিছিল যে স্কুটাৰ আৰোহীজনে এই কাণ্ড সংঘটিত কৰি খঙতে তেওঁৰ গাড়ীৰ টায়াৰত গোৰ মাৰিছিল।হেলমেট অবিহনে চলোৱা স্কুটাৰখনৰ নম্বৰ কেএ০৩ কেএম ৮৮২৬ বুলিও তেওঁ প'ষ্টটোত উল্লেখ কৰিছে।পৰৱৰ্তী এটা প'ষ্টত তেওঁ এই চালকজনৰ বিৰুদ্ধে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় আৰক্ষীক আবেদন জনাইছে।
আনহাতে, বেংগালুৰু আৰক্ষীৰ অফিচিয়েল একাউণ্টে তৎক্ষণাৎ এই প'ষ্টৰ সঁহাৰি জনাই সংশ্লিষ্ট আৰক্ষী বিষয়াক সমগ্ৰ ঘনটো অৱগত কৰা হ'ব বুলি বিজ্ঞানীজনক আশ্বাস দিয়ে আৰু পৰৱৰ্তী যোগাযোগৰ বাবে আশীষ লাম্বাৰ যোগাযোগৰ ঠিকনা দিবলৈও তেওঁলোকে অনুৰোধ কৰে।পৰৱৰ্তী সময়ত ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ঘটনা সন্দৰ্ভত যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সকলোয়ে এনে ধৰণৰ উচ্ছৃংখল আচৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী আৰক্ষীক দাবী জনায়।