গা ধুই আহিয়েই ফোন চাৰ্জত লগাওঁতে ঘটিল অঘটন

এগৰাকী ন মহীয়া গৰ্ভৱতীৰ প্ৰাণ কাঢ়ি নিলে এটা ফোনে।অতি কৰুণভাৱে মৃত্যুক সাৱটি লোৱা এই ভুক্তভোগীগৰাকীৰ নাম জেনিফাৰ কাৰোলেইন। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৭ বছৰ।

author-image
Asomiya Pratidin
New Update
গা ধুই আহিয়েই ফোন চাৰ্জত লগাওঁতে ঘটিল অঘটন

ডিজিটেল ডেস্ক: এগৰাকী ন মহীয়া গৰ্ভৱতীৰ প্ৰাণ কাঢ়ি নিলে এটা ফোনে।অতি কৰুণভাৱে মৃত্যুক সাৱটি লোৱা এই ভুক্তভোগীগৰাকীৰ নাম জেনিফাৰ কাৰোলেইন। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৭ বছৰ।

Advertisment

এই ঘটনাটো সংঘটিত হৈছে ব্ৰাজিলৰ কাম্পিনা গ্ৰেণ্ডত। ন মাহৰ গৰ্ভৱতী জেনিফাৰে গাই ধুই আহিয়েই ফোনটো চাৰ্জত লগাওঁতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়।জেনিফাৰে ফোনটো চাৰ্জ কৰিবলৈ এক্সটেনচন কৰ্ড ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল।জেনিফাৰৰ স্বামীয়ে তলৰ মহলাৰ পৰা তাইৰ চিঞৰ শুনি দৌৰি আহিছিল যদিও তেতিয়ালৈ তাই মজিয়াত ঢলি পৰিছিল। 

এই ঘটনাটোক স্থানীয় সকলোলোকে অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।অসাৱধনতাৰ বাবেই মাতৃ তথা গৰ্ভস্থ শিশুটোৰ প্ৰাণ গ'ল বুলিও একাংশই মন্তব্য কৰিছে।স্থানীয় কাম্পিনা গ্ৰেণ্ড হোমিড আৰক্ষী থানাই এই ঘটনাটোৰ অনুসন্ধান সম্পূৰ্ণ হোৱাৰ পিছত এক বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব বুলি দুৰ্ভগীয়া পৰিয়ালটো তথা স্থানীয় ৰাইজক অৱগত কৰে। এনে ঘটনা যাতে দুবাৰ সংঘটিত নহয়, তাৰ বাবে আৰক্ষীয়ে এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও স্থানীয় ৰাইজক আশ্বাস দিয়ে।

Also Read: মৃত্যৰ ভয়ত ১৮ বছৰ গৰ্ভধাৰণত অতিবাহিত কৰিছে এগৰাকী বিশেষ মহিলাই