কুকুৰে কামোৰা বুলি ভয়তে কোৱা নাছিল পিতৃ-মাতৃক, সংক্ৰমণেই হ’ল কাল

পিতৃ-মাতৃলৈ কৰা ভয়ে জীৱন কাঢ়ি নিলে এটি কিশোৰৰ। গাজিয়াবাদত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। প্ৰতিজন ব্যক্তিৰ অন্তৰত আঘাত দিয়া এই ঘটনাটো ঘটিছে গাজিয়াবাদৰ বিজয়নগৰ আৰক্ষী থানা অঞ্চলৰ চৰণ সিং কলনিত।কুকুৰে কামোৰাৰ ফলত শৰীৰৰত সংক্ৰমণ বৃদ্ধি হৈ এই কিশোৰজনে চিকিৎসাৰ অভাৱত অকাল মৃত্যুক সাবটিবলগীয়া হ'ল।

author-image
Asomiya Pratidin
New Update
কুকুৰে কামোৰা বুলি ভয়তে কোৱা নাছিল পিতৃ-মাতৃক, সংক্ৰমণেই হ’ল কাল

ডিজিটেল ডেস্ক: পিতৃ-মাতৃলৈ কৰা ভয়ে জীৱন কাঢ়ি নিলে এটি কিশোৰৰ। গাজিয়াবাদত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। প্ৰতিজন ব্যক্তিৰ অন্তৰত আঘাত দিয়া এই ঘটনাটো ঘটিছে গাজিয়াবাদৰ বিজয়নগৰ আৰক্ষী থানা অঞ্চলৰ চৰণ সিং কলনিত।কুকুৰে কামোৰাৰ ফলত শৰীৰৰত সংক্ৰমণ বৃদ্ধি হৈ এই কিশোৰজনে চিকিৎসাৰ অভাৱত অকাল মৃত্যুক সাবটিবলগীয়া হ'ল।

প্ৰকৃততে, কিশোৰজনে কুকুৰে কামোৰাৰ কথা পিতৃ-মাতৃক ভয়তে কোৱা নাছিল।যাৰ বাবে চিকিৎসাৰ অভাৱত তেওঁৰ শৰীৰত দিনক দিনে সংক্ৰমণ বৃদ্ধি হৈছিল।অষ্টম শ্ৰেণীত অধ্যয়নৰত এই দুৰ্ভগীয়া কিশোৰজনৰ নাম ছাভেজ।তেওঁৰ পিতৃ ইয়াকুবে কঠোৰ পৰিশ্ৰম কৰি অতি কষ্টৰে তেওঁলোকৰ পৰিয়ালটোক পোহ-পাল দিছিল। ছাভেজে ১ ছেপ্টম্বৰত কৰা অদ্ভুট আচৰণতহে পৰিয়ালে তেওঁক কুকুৰে কামোৰা বুলি সন্দেহ কৰিছিল। সেইদিনাৰ পৰা ছাভেজে পানীলৈ ভয় কৰিছিল আৰু খোৱা-বোৱা বন্ধ কৰি দিছিল। মাজে- মাজে তেওঁ কুকুৰে ভুকাৰ দৰেও মুখৰে শব্দ কৰিছিল। 

কিশোৰজনৰ এই অৱস্থা দেখি পৰিয়ালটোয়ে তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যোৱাতহে গম পাইছিল যে তেওঁক কিছুদিন আগতে কুকুৰে কামুৰিছিল আৰু গোটেই শৰীৰত ইয়াৰ সংক্ৰমণ বিয়পি পৰিছিল। দৰাচলতে, শিশুটোক ডেৰ মাহ আগতে এটা কুকুৰে কামুৰিছিল। শিশুটোৱে পিতৃ-মাতৃলৈ ভয় কৰিয়েই এই বিষয়ে তেওঁলোকৰ পৰা লুকুৱাই ৰাখিছিল।

কিশোৰজন ক্ৰমান্বয়ে অস্থিৰ হৈ পৰাত ভুক্তভোগীৰ পৰিয়ালটোয়ে তেওঁক এম্বুলেন্সৰে দিল্লীৰ এখন নামী চিকিৎসালয়লৈ লৈ গৈছিল। কিন্তু তেওঁৰ অৱস্থা ইমানেই বেয়া আছিল যে চিকিৎসকসকলে তেওঁক চিকিৎসা কৰি একো লাভ নহ'ব বুলি স্পষ্ট কৰি দিছিল। ইয়াৰ পিছত তেওঁক এখন নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল। য'ত চাৰি দিনৰ চিকিৎসাৰ পিছত চিকিৎসকে অৱস্থা বেয়া বুলি কৈ তেওঁক পৰিয়ালৰ হাতত ঘূৰাই দিছিল। কোনোয়ে পৰিয়ালটোক কুকুৰে কামোৰৰ চিকিৎসা কৰা বুলন্দচহৰৰ এজন আয়ুৰ্বেদিক চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিছিল। পৰিয়ালটোৱে সেই চিকিৎসকজনৰ ওচৰৰ পৰা কিশোৰজনক লৈ উভতি আহোতেই পিতৃৰ কোলাতেই তেওঁ মৃত্যু বৰণ কৰিছিল।

ছ'চিয়েল মেডিয়াত কিশোৰজনৰ মৃত্যুৰ আগমূৰ্হুতৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে।যিয়ে নিশ্চিতভাৱেই সকলোৰে মনত আঘাত দিছে।

Also Read: মৃত্যৰ ভয়ত ১৮ বছৰ গৰ্ভধাৰণত অতিবাহিত কৰিছে এগৰাকী বিশেষ মহিলাই