মগজু, মেৰুদণ্ডত নেইল পলিছে পেলাই পোনপটীয়া প্ৰভাৱ, মহিলাসকল সাৱধান হওঁক

প্ৰতিগৰাকী মহিলাৰে নেইল পলিছ অতি প্ৰিয়।নেইল পলিছ অবিহনে মহিলাৰ মেকআপ অসম্পূৰ্ণ। কিন্তু নেইল পলিছ স্বাস্থ্যৰ বাবে অত্যন্ত বিপদজনক।হয়, এক অধ্যয়নত এই কথা প্ৰমাণিত হৈছে। নেইল পলিছৰ ৰং বোৰ দেখিবলৈ যিমানেই আকৰ্ষণীয়, সিমানেই স্বাস্থ্যৰ বাবে হানিকাৰক। এই ৰংবোৰ প্ৰস্তুত কৰিবলৈ বহু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়।

author-image
Asomiya Pratidin
New Update
মগজু, মেৰুদণ্ডত নেইল পলিছে পেলাই পোনপটীয়া প্ৰভাৱ, মহিলাসকল সাৱধান হওঁক

ডিজিটেল ডেস্ক: প্ৰতিগৰাকী মহিলাৰে নেইল পলিছ অতি প্ৰিয়।নেইল পলিছ অবিহনে মহিলাৰ মেকআপ অসম্পূৰ্ণ। কিন্তু নেইল পলিছ স্বাস্থ্যৰ বাবে অত্যন্ত বিপদজনক।হয়, এক অধ্যয়নত এই কথা প্ৰমাণিত হৈছে। নেইল পলিছৰ ৰং বোৰ দেখিবলৈ যিমানেই আকৰ্ষণীয়, সিমানেই স্বাস্থ্যৰ বাবে হানিকাৰক। এই ৰংবোৰ প্ৰস্তুত কৰিবলৈ বহু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। যিয়ে আমাৰ শৰীৰত ভাবিব নোৱাৰাকৈ কু প্ৰভাৱ পেলায়। আজি নেইল পলিছৰ অপকাৰিতাৰ বিষয়ে জানো আহক-

Advertisment

ট্ৰিফেনাইল ফছফেটসমৃদ্ধ নেইল পলিছ

নেইল পলিছ ব্যৱহাৰ কৰা মহিলাসকলৰ শৰীৰত ট্ৰিফেনাইল ফছফেটৰ দৰে এক বিষাক্ত ৰাসায়নিক পদাৰ্থ পোৱা যায়। আচৰিত কথাটো এয়ে যে, নেইল পলিছ বটলবোৰত থকা লেবেলত এই বিষয়ে উল্লেখ কৰা নহয়। যাৰ বাবে মহিলাসকলে এই বিষয়ে জ্ঞাত নহয় যে কিমান ভয়ানক ৰাসায়নিক পদাৰ্থ তেওঁলোকে ব্যৱহাৰ কৰি আছে।

মগজুত প্ৰভাৱ

নখত নেইল পলিছ প্ৰয়োগ কৰাৰ ফলত ইয়াত থকা ৰাসায়নিক পদাৰ্থবোৰ শৰীৰত প্ৰৱেশ কৰে আৰু ইয়াৰ ফলত হৰমন প্ৰণালীত গুৰুতৰ পৰিৱৰ্তন হয়। ই বিশেষভাৱে মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। যাৰ ফলত পাকস্থলীৰ পাচন আৰু হৰমন প্ৰণালীত ব্যাঘাত জন্মে।

মেৰুদণ্ডৰ ক্ষতি 

নেইল পলিছত থকা নিউৰো-টক্সিন হৈছে এবিধ অতি বিষাক্ত পদাৰ্থ।ই মস্তিষ্কক পোনপটীয়াকৈ প্ৰভাৱিত কৰে। ইয়াৰ লগতে ই মেৰুদণ্ডকো প্ৰভাৱিত কৰে। স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰা এই উপাদান যথেষ্ট বিষাক্ত।

কৰ্কট ৰোগৰ আশংকা 

নেইল পলিছত থকা ফৰ্মেলডেড হৈছে এনে এক উপাদান, যিয়ে কাৰ্চিনোজেনিক বা কৰ্কট ৰোগ সৃষ্টিকাৰী। কৰ্কট কোষবোৰ ইয়াৰ উপস্থিতিৰ দ্বাৰা গঠন হয়।

নেইল পলিছৰ ফলত শিশুৰো স্বাস্থ্যৰো হয় যথেষ্ট ক্ষতি

নেইল পলিছত টলুইন নামৰ এটা উপাদান থাকে। ই পোনপটীয়াকৈ মাকৰ গাখীৰত প্ৰৱেশ কৰে। যি স্তনপানৰ কৰোৱাৰ জৰিয়তে শিশুৰ দেহলৈও প্ৰবাহিত হৈ পৰে।ই এটি শিশুটোৰ বিকাশৰ ক্ষেত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে।

Also Read: আমাৰ শীৰৰটোক চাহে কিদৰে প্ৰভাৱিত কৰে জানেনে ?