আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু…

আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু…

ডিজিটেল ডেস্কঃ পুত্ৰৰ সফলতাই প্ৰতিজন পিতৃ মাতৃকে গৌৰাৱান্বিত কৰে। আৰণ্যক শইকীয়াই একেৰাহে তৃতীয়বাৰৰ বাবে ইউপিএছচি পৰীক্ষাত সফলতা লাভ কৰা খবৰে সুখী কৰিছে তেওঁৰ মাতৃ তথা ভাৰতীয় ৰেল সেৱাৰ পৰা কিছুদিন পূৰ্বে স্বেচ্ছাই অৱসৰ লোৱা লীনা শৰ্মাক। সৰ্বভাৰতীয় পৰ্যায়ত ৫৯ সংখ্যক স্থান লাভেৰে পুত্ৰ আৰণ্যক শইকীয়াই তৃতীয় বাৰৰ বাবে এই সফলতা অৰ্জন কৰা সন্দৰ্ভত কিছু সময় পূৰ্বে ছ'চিয়েল মিডিয়া যোগে নিজৰ অভিবক্তি ব্যক্ত কৰিছে লীনা শৰ্মাই।

এই সন্দৰ্ভত লীলা শৰ্মাই লিখিছে যে- পুত্ৰই এনে সফলতা লাভ কৰাত তেওঁ অত্যন্ত সুখী। কিন্তু তেওঁৰ ইউনিফৰ্ম যোৰ এৰিব লগা হোৱাৰ বাবে এক দুখ বোধো ৰৈ গৈছে। উল্লেখ্য যে, বৰ্তমান ভাৰতীয় আৰক্ষী সেৱাত যোগা দি কৰ্ণাটকত আইপিএছ কেডাৰ ৰূপে কৰ্মৰত আছিল আৰণ্যক।

তেওঁৰ পিতৃ আছিল ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা অসম আৰক্ষী সঞ্চালক প্রধান। লীলা শৰ্মাই এই সন্দৰ্ভত লিখিলে- 'He told me in a hushed tone on phone that result of Civil Services exam is out. I immediately rehearsed the line, in my mind, (I was so sure about his failure in this highly competitive and uncertain exam) to console the boy, 'It doesn't matter. You already have a job.' But before I could say something, he informed that he got 59th rank. Before I could digest the information or react, he immediately put down the phone. He was busy in training in Mysore district and he had to leave, Suddenly I realized that there would be no more khaki in my household. A legacy was going to end. I am happy that son could get what he desired but I am sad also that he has to give up uniform.'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in