বৰক্ষেত্ৰীৰ লাউপাৰা হাইস্কুলৰ দুই অৱসৰী শিক্ষকৰ আনুষ্ঠানিক বিদায় সম্বৰ্দ্ধনা

বৰক্ষেত্ৰীৰ লাউপাৰা হাইস্কুলৰ দুই অৱসৰী শিক্ষকৰ আনুষ্ঠানিক বিদায় সম্বৰ্দ্ধনা

ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্মস্থান লাউপাৰাস্থিত বৰক্ষেত্ৰীৰ অতিকৈ প্ৰাচীন বিদ্যালয় লাউপাৰা হাইস্কুলৰ দুই অৱসৰী শিক্ষকক বুধবাৰে আনুষ্ঠানিকভাৱে বিদায় আৰু সম্বৰ্দ্ধনা জনায়৷ লাউপাৰা হাইস্কুলৰ বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এক সভাৰ জৰিয়তে দুয়োগৰাকী অৱসৰী শিক্ষকক বিদায় সম্বৰ্দ্ধনা জনায়৷

বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি উপেন্দ্ৰ নাথ মেধিয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনৰ সভাপতিত্ব কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত কুমাৰ বৈশ্যই৷ ১৯৫০ চনৰ ২৫ জানুৱাৰীত স্থাপিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ অতিকৈ শ্ৰদ্ধাৰ দুই শিক্ষক ক্ৰমে- বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অতুল চন্দ্ৰ কলিতা আৰু সহকাৰী শিক্ষক ভাৰত চন্দ্ৰ হালৈক এখন ফুলাম গামোচা, জাপি, শৰাই, ভাগবত, কলম, মানপত্ৰ আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷

বিদায় সভাখনত দুয়োগৰাকী অৱসৰী শিক্ষকে আৱেগিক ভাষণ ৰাখি ছাত্ৰ-ছাত্ৰী সকলক ভৱিষ্যতে দেশৰ হকে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে৷ বিদায় সভাত বিদ্যালয়খনৰ শিক্ষক ৰাজেন ডেকাই ভাষণ প্ৰসংগত কয়, 'দুয়োগৰাকী শিক্ষকক বিদায় দিবলগীয়া হোৱাত আমি অতিকৈ মৰ্মাহত হৈছো৷ আপোনালোক দুয়োগৰাকীক আমি বিদ্যালয়ত নাপালেও ভৱিষ্যতে আপোনালোক দুগৰাকীৰ পৰা আমি দিহা-পৰামৰ্শ পাম বুলি আশা কৰিলোঁ৷' বিদায় সভাত বিদ্যালয়খনৰ আন দুগৰাকী শিক্ষক প্ৰশান্ত কুমাৰ ডেকা আৰু উপেন্দ্ৰ নাথ মেধিয়ে ভাষণ প্ৰদান কৰাৰ সমান্তৰালভাৱে বিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক আৰিফ আহমেদসহ কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে ভাষণ ৰাখি আৱেগিক হৈ পৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in