হিমন্তৰ অভয়বাণী- ক’ত আছে কোভিড কওঁক, কেন্দ্ৰীয় গৃহ সচিবৰ পত্ৰ- আকৌ কোভিড সাৱধান হওঁক…

হিমন্তৰ অভয়বাণী- ক’ত আছে কোভিড কওঁক, কেন্দ্ৰীয় গৃহ সচিবৰ পত্ৰ- আকৌ কোভিড সাৱধান হওঁক…
  • স্বাস্থ্য মন্ত্ৰণালয়ৰ সচিবৰ পাছত এইবাৰ কেন্দ্ৰীয় গৃহ সচিবৰ পত্ৰ ৰাজ্যৰ মুখ্য সচিবলৈ।
  • কোভিড সংক্ৰমণ বৃদ্ধিৰ প্ৰতি দৃষ্টি ৰাখি বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।
  • গৃহ সচিব অজয় ভাল্লাই প্ৰেৰণ কৰিছে এই পত্ৰ।
  • পত্ৰখনত আগন্তুক উতসৱ প্ৰতি লক্ষ্য ৰাখি কোভিড প্ৰট'কল মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে।
  • পত্ৰখনত উল্লেখ কৰা হৈছে যে, কোভিডে দেশত আকৌ জটিল পৰিস্থিতি সৃষ্টি কৰিছে।
  • হোলী আন উতসৱ সমূহ উদযাপন কৰোতে প্ৰয়োজনীয় বিধি মানি চলিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে পত্ৰখনত।
  • সামাজিক দুৰত্ব, মাস্ক পৰিধান, বহুলোকৰ সমাগমৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ কোৱা হৈছে।
  • সমগ্ৰ দেশতে দেখা পোৱা গৈছে শুকুৰবাৰেও কোভিড সংক্ৰমণ ব্যপক হাৰত হৈছে।
  • উত্তৰাখণ্ডত যোৱা ২৪ঘন্টাত ১৮৬জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত আৰু এজনৰ মৃত্যু হৈছে।
  • মহাৰাষ্ট্ৰত কোভিডত ৪,০৯৫জন লোক সংক্ৰমিত হৈছ। মৃত্যু হৈছে ৩৫জন লোকৰ।
  • তামিলনাডুত শুকুৰবাৰৰ দিনটোত চিনাক্ত কৰা হৈছে ১৯৭১গৰাকী নতুন কোভিড ৰোগী।
  • ৰাজ্যখনত শুকুৰবাৰে কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯জন।
  • কৰ্ণাটকত ২৪ঘন্টাত কোভিডত সংক্ৰমিত হোৱা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি হৈছে।
  • ৰাজ্যখনত ২৫৬৪জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ২৮জন ৰোগীৰ।
  • জম্মু-কাশ্মীৰত ২১০জন লোক কোভিডত আক্ৰান্ত হোৱাৰ তথ্য পোহৰ লৈ আহিছে।
  • গুজৰাটত বিগত ২৪ঘন্টাত ২১৯০গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে ৬জনৰ মৃত্যু হৈছে।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে, অসমত নাই কোভিড ৰোগী।
  • মন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছে অসমত ভয় নাই কোভিডৰ।
  • কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে এই পত্ৰ প্ৰেৰণ কৰাৰ সময়তো নগাঁৱত বিশাল ৰে'লীত ব্যস্ত আছিল হিমন্ত বিশ্ব শৰ্মা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in