লতাশিল আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, পৰিদৰ্শন কৰিলে শনিবাৰে উদ্ধাৰ হোৱা মূৰ্তিসমূহ

লতাশিল আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, পৰিদৰ্শন কৰিলে শনিবাৰে উদ্ধাৰ হোৱা মূৰ্তিসমূহ
  • লতাশিল আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত।
  • শনিবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হোৱা মূৰ্তিসমূহ পৰিদৰ্শন কৰে আৰক্ষী বিষয়াগৰাকীয়ে।
  • যিসকল লোকে মূৰ্তিসমূহ উদ্ধাৰ কৰিছিল তেওঁলোকক প্ৰশংসা কৰে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।
  • অৱশ্যে মূৰ্তিসমূহ উদ্ধাৰৰ প্ৰসংগত তদন্তৰ খাতিৰত কোনো মন্তব্য নকৰিলে বিষয়াগৰাকীয়ে।
  • যিসকল লোকে মূৰ্তি উদ্ধাৰ কৰিছিল তেওঁলোকক পুৰস্কাৰ দিব বুলিও ঘোষণা আৰক্ষী বিষয়াগৰাকীৰ।
  • লগতে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, এইয়া মহানগৰ আৰক্ষীৰ সফলতা।
  • মূৰ্তিসমূহ মূল্যবান যেন উপলব্ধি হৈছে।
  • উদ্ধাৰৰে জড়িত স্থানীয় লোক, এছডিআৰএফ, লতাশিল আৰক্ষী থানাক প্ৰশংসা আৰক্ষী বিষয়াগৰাকীৰ।
  • উল্লেখ্য যে, মহানগৰীত শনিবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত ভগৱানৰ মূৰ্তি উদ্ধাৰ হৈছিল।
  • প্ৰথমাৱস্থাত এজন লোকে উদ্ধাৰ কৰিছিল এটা মূৰ্তি।
  • তাৰ পিছতে উদ্ধাৰ হয় মুঠ ৩৭ টা মূৰ্তি।
  • বৰ্তমান লতাশিল থানাত ৰখা হৈছে মূৰ্তিকেইটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in