অসমৰ বিভিন্ন স্থানত বুধবাৰৰে পৰা ৪ দিনলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…

অসমৰ বিভিন্ন স্থানত বুধবাৰৰে পৰা ৪ দিনলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…
  • অসমৰ বিভিন্ন স্থানত আজিৰে পৰা ৪ দিনলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।
  • অসম তথা চুবুৰীয়া ৰাজ্য সমুহত আগন্তুক ৪টা দিনলৈ বৰঝাৰস্থিত বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কতা ।
  • বুধবাৰৰ পৰা ৪ দিনলৈ জাৰি কৰা হৈছে এই সতৰ্কতা ।
  • অসমৰ বিভিন্ন ঠাইত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ।
  • ইয়াকে লৈ জাৰি কৰা হৈছে ৩ তৰপীয়া সতৰ্কতা ।
  • হালধীয়া,কমলা আৰু ৰঙাৰঙী সতৰ্কতা জাৰি কৰা হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ।
  • ১০ জুলাইত অসমৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত ৰঙাৰঙী সতৰ্কতা জাৰি কৰি প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে,
  • বাক্সা জিলাত কমলাৰঙী সতৰ্কতা জাৰি কৰি ধাৰাষাৰ বৰষুণ অহাৰ আগজাননী দিয়া হৈছে 
  • লগতে ধুবুৰী, বঙাইগাঁও, নলবাৰী, বৰপেটা, ওদালগুৰি,কাৰ্বি আংলং, বিশ্বনাথ,ধেমাজি,চৰাইদেউ,লক্ষীমপুৰ,তিনিচুকীয়া আৰু ডিমা হাছাওত মুষলধাৰ বৰষুণৰ বাবে জাৰি কৰা হৈছে হালধীয়াৰঙী সতৰ্কতা ।

আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যতো জাৰি কৰা হৈছে কমলাৰঙী সতৰ্কতা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in