অন্তিম টেষ্টতো শক্তিশালী স্থিতিত ইংৰাজ বাহিনী

অন্তিম টেষ্টতো শক্তিশালী স্থিতিত ইংৰাজ বাহিনী

ডিজিটেল ডেস্কঃ ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলা নিজৰ হাতত ৰাখিবলৈ সক্ষম হোৱা ইংলেণ্ডে পঞ্চম তথা অন্তিমখন মেচতো অগ্ৰগতি লাভ কৰিছে।

টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ইংলেণ্ডে আটাইকেইটা উইকেট হেৰুৱাই ১২২ অভাৰত ৩৩২ ৰান সংগ্ৰহ কৰে। দলটোলৈ এ কৰ্কে ৭১ আৰু জে বুল্টাৰে ৮৯ ৰানৰ ৰৰঙণি যোগায়।

প্ৰথম ইংনিছত ৰবীন্দ্ৰ জদেজাই ৪ টা, বুমৰাহে ৩ টা আৰু ঈশান্ত শৰ্মাই ৩ টাকৈ উইকেট লাভ কৰে। ইংলেণ্ডৰ ৩৩২ ৰাণৰ অনুসৰণ কৰি ঘৰুৱা দলটোৱে ৯৫ অভাৰত ২৯২ ৰানতে প্ৰথম ইংনিছ সামৰিবলগীয়া হয়।

দলৰ হৈ ৰবীন্দ্ৰ জাডেজাই অপৰাজিত ৮৯ ৰান, হনুমা বিহাৰীয়ে ৫৬ ৰাণ আৰু অধিনায়ক বিৰাট কোহলিয়ে ৪৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে দ্বিতীয় ইংনিছৰ খেলত ইংলেণ্ডে ৪৩ অভাৰত ২ টা উইকেটৰ বিনিময়ত ১১৪ ৰাণ সংগ্ৰহ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in