মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ…

মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ…

ডিজিটেল ডেস্কঃ উমানন্দত থকা একমাত্ৰ দুষ্প্ৰাপ্য সোণালী বান্দৰটো আৰু নাই। ২২ ফেব্ৰুৱাৰীত নদীদ্বীপটোত থকা এই সোণালী বান্দৰটোৰ মৃত্যু হৈছে। জানিব পৰা মতে, উমানন্দত একাধিক সোণালী বান্দৰ আছিল যদিও আনবোৰ বান্দৰৰ মৃত্যু হোৱাত এই বান্দৰটোৱেই অকলশৰে বাস কৰিছিল।

দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু দুষ্প্ৰাপ্য এই সোণালী বান্দৰটোৰ কি কাৰণত মৃত্যু হ'ল, সেয়া জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকৰ মতে, অকলশৰীয়া এই সোণালী বান্দৰটোৱে দীৰ্ঘ সময় ধৰি নিসংগ হৈ আছিল।

এই নদীদ্বীপটোত এসময়ত যথেষ্ট সংখ্যক সোণালী বান্দৰ আছিল। ২০১১ চনত সেই সোণালী বান্দৰৰ সংখ্যা ৭টালৈ হ্ৰাস পাইছিল। তাৰে ২টা সোণালী বান্দৰ সেই বৰ্ষত উমানন্দৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ বংশ বৃদ্ধিৰ বাবে লৈ অহা হৈছিল। পৰৱৰ্তী সময়ত ৪ টা বান্দৰৰ মৃত্যু হৈছিল যদিও এই সোণালী বান্দৰটোক বন বিভাগে ধৰিবলৈ অক্ষম হয়।

ভূটান আৰু পশ্চিম অসমত সোণালী বান্দৰ এসময়ত পোৱা গৈছিল। কিন্তু লাহে লাহে এই প্ৰজাতি লুপ্ত হ'বলৈ ধৰে। উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ মৃত্যু হোৱাত এতিয়া শোকৰ ছাঁ পৰিছে প্ৰকৃতিপ্ৰেমী সকলৰ মাজত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in