বাজপেয়ীৰ অন্তিমটো নিৰ্বাচনী ভাষণ অসমীয়াত!

বাজপেয়ীৰ অন্তিমটো নিৰ্বাচনী ভাষণ অসমীয়াত!

অটল বিহাৰী বাজপেয়ীয়ে ৰাজনৈতিক জীৱনৰ অন্তিমটো ভাষণ দিছিল পঞ্জাৱৰ অমৃতসৰত। ২০০৭ চনত অনুষ্ঠিত পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ  এই নিৰ্বাচনী সভাত অংশ লৈছিল বাজপেয়ীয়ে।

'মিত্ৰ,

মই এইটো শুনি আচৰিত হৈছো যে, কংগ্ৰেছৰ নেতাই সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে। সন্ত্ৰাসবাদৰ চৰ্চা কৰা সকলে এতিয়া বুজাই দিছে যে, ভোটৰ লালসাত কিমান তললৈ নামিব পাৰে কংগ্ৰেছ। আমি মিলি পঞ্জাব গঢ়িব লাগিব, আৰু দেশখনক গঢ়িব লাগিব।

কিন্তু বিকাশৰ লগত আকাশলংঘী হোৱা মূল্যবৃদ্ধিৰ কোনো সম্পৰ্ক নাই। দাইলৰ দাম কিমান? চাউলৰ দাম কিমান? কিয় ইমান বৃদ্ধি পাইছে মূল্য? মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কেন্দ্ৰই কি কৰিলে, পঞ্জাৱ চৰকাৰে কি কৰিলে…? ইমানেই মূল্যবৃদ্ধি হৈছে যে, দুখীয়া শ্ৰেণীৰ লোকে পেট প্ৰৱৰ্তাব পৰা নাই। দাইলত আৰু কিমান পানী ঢালিব?… আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজিব লাগিব।

আপোনালোকৰ মনত আছে, আৰু আজি মই মনত পেলাই দিব বিচাৰিছো যে- 'দিল্লী আৰু পঞ্জাৱতো মাজতে আমাৰ চৰকাৰ আছিল। আমি মূল্যবৃদ্ধি হ'বলৈ দিয়া নাছিলো। আমি দাম আকাশলংঘী হ'বলৈ দিয়া নাছিলো। আমি ভাৰতৰ জনতাক মৰিবলৈ এৰি দিয়া নাছিলো। আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিলো। দাম নিয়ন্ত্ৰণলৈ আনিছিলো।

পঞ্জাৱত যদি চৰকাৰ সলনি হয় তেন্তে পঞ্জাৱতো মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব। এয়া শাসনৰ লোভ নহয়, আকালি দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ দলৰ মিলন, দুখন হৃদয়ৰ মিলন।আৰু এই মিলনে পঞ্জাৱৰ স্থিতি সলনি কৰিব আৰু ই দেশৰ স্থিতিও সলনি কৰিব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in