অন্ত পৰিল ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা, শেষৰ দিনটোতো বিপনীয়ে বিপনীয়ে গ্ৰন্থপ্ৰেমীৰ ভিৰ…

অন্ত পৰিল ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা, শেষৰ দিনটোতো  বিপনীয়ে বিপনীয়ে গ্ৰন্থপ্ৰেমীৰ ভিৰ…

ডিজিটেল ডেস্কঃ ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে গুৱাহাটী গ্ৰন্থমেলা।আনহাতে ১২ দিনীয়াকৈ চলা ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ এইটো দ্বিতীয়টো দেওবাৰ। বিগত দিনবোৰৰ দৰে শেষৰ দিনটোতো গ্ৰন্থমেলাত কমা নাই পঢ়ুৱৈৰ ভিৰ।

এই শেষৰ দিনটোতো গ্ৰন্থমেলা লোকে লোকাৰণ্য পৰিৱেশ। প্ৰতিখন বিপনীত বিৰ দি বাট নোপোৱা ভিৰ। দৰাচলতে চাকৰিয়াল সকলে সপ্তাহটোৰ শেষৰ দিনটোলৈ ৰৈ থাকে মানুহ। বন্ধ দিনটোত প্ৰিয় কিতাপখন সংগ্ৰহ কৰিবলৈ ৰৈ থাকে সকলো। হাতত অফুৰন্ত সময়।

অসমৰ গ্ৰন্থ উদ্যোগৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়ত গ্ৰন্থৰ এনে চাহিদা আৰু প্ৰকাশক লেখকৰ চকুৰ হাঁহি দুৰ্যোগৰ দিনবোৰৰ সফলতা বুলিব পাৰি।মানুহে শিক্ষা লাভ কৰে নিজৰ অভিজ্ঞতা আৰু চৌপাশৰ পৰিৱেশৰ পৰা। কিন্তু সেয়াই জানো শিক্ষাৰ বিশাল ক্ষেত্ৰখনক সামৰিব পাৰে।ইয়াৰ বাবে মানুহৰ হাতত সহজে পাব পৰাকৈ থাকে চিনেমা আৰু গ্ৰন্থ।

পৰিৱৰ্তন সময়ৰ আহ্বান। এখন গ্ৰন্থমেলাৰ উদ্দেশ্য কেৱল কিতাপ বিক্ৰী কৰাই নহয়, গ্ৰন্থ অধ্যয়ন এটা ৰোমাঞ্চকৰ বিষয় হিচাপে নতুন পাঠকৰ আগত উপস্থাপন কৰি নতুনৰ আগ্ৰহ জন্মোৱাও ইয়াৰ দায়িত্ব।গুৱাহাটী গ্ৰন্থমেলাত কিতাপৰ বিপনী সমূহৰ বাহিৰেও দেখিবলৈ পোৱা আড্ডাৰ থলী, চাহৰ দোকান কেইখন, থলুৱা খেলক জনপ্ৰিয় কৰিবলৈ সঁজা বিপনীখনো সেইবাৰেই গ্ৰন্থমেলাৰ অভিন্ন অংশ।

গ্ৰন্থমেলাত এইবাৰ বিশেষ আকৰ্ষণৰ থলী হিচাপে দেখিবলৈ পোৱা গৈছে চেলফি জ'ন। সকলোৱে নিজৰ পচন্দৰ সংগ্ৰহীত কিতাপৰ লগতে এখন ছেলফি তুলি যদি নিজকে ফ্ৰেমত আৱদ্ধ কৰিছে কোনোৱে কোভিডৰ বাবে বিছিন্ন হৈ থকা বন্ধুৰ লগত এখন চেলফি তুলি সামাজিক মাধ্যমৰ পৃষ্ঠা সজাইছে।

কিতাপ নথকা ঘৰ খিৰিকী নথকা ঘৰ সদৃহ। সেইবাবে জ্ঞানৰ খিৰীকিৰে নমা পাতলীয়া বতাহজাক।লেখক-পাঠক-প্রকাশকৰ মিলন ভূমি। আনফালে কিতাপ এখন প্ৰকাশৰ ক্ষেত্ৰত বৰ্তমান সময়ৰ দাবী হৈছে ইয়াৰ প্ৰচাৰ। কোনো সময়ত প্ৰচাৰৰ অভাৱত এখন পঢ়িব লগা কিতাপে পাঠকৰ দুৱাৰদলি গচকাত যঠেষ্ট পলম হয়।

এই সকলো বিষয়ৰ মাজেৰে বা বিষয় অতিক্ৰমী এই বাৰ গ্ৰন্থমেলাত বহুল ভাৱে চৰ্চিত হৈছে বহুকেইখন গ্ৰন্থ। লাইফ অফ এ ড্ৰাইভাৰ, কেবিনৰ সিপাৰে গ্ৰন্থখনিৰ ১০ তম সংস্কৰণ প্ৰকাশ হৈছে এইবাৰৰ গ্ৰন্থমেলাত।

একেদৰে এইবাৰ গ্ৰন্থমেলাত ন-পুৰণি বহু গ্ৰন্থৰ লগতে অসম আন্দোলনৰ তথ্যকোষৰ প্ৰথম খণ্ডটোৱেও পাঠকৰ যঠেষ্ট সমাদৰ লাভ কৰিছে।১০০০ ৰো অধিকখন বিক্ৰী হোৱা এই গ্ৰন্থখনিৰ মূল্য ৮০০ টকা। এইবাৰৰ গ্ৰন্থমেলাত নতুন লেখকৰ বহুকেইখন গ্ৰন্থ প্ৰকাশ পাইছে। এটা খুৱেই আশাজনক খবৰ।

৩৩ তম গুৱাহাটী গ্ৰন্থমেলাই কোনোৱে যদি প্ৰিয় কিতাপখনৰ সন্ধানত কিতাপৰ পাতনি মেলি লৈছে, কোনো ছাত্ৰই হিচাপৰ অংক মিলাই উলিয়াই লৈছে ইতিমধ্যে নিৰ্বাচন কৰি থোৱা গ্ৰন্থৰ তালিকা। কোনোৱে আকৌ প্ৰিয় লেখক সকলক গ্ৰন্থমেলাৰ বাকৰিত দেখা পাই তেওঁলোকৰ পৰা কিতাপৰ পাতত এটুকুৰা শুভেচ্ছা টুকি প্ৰিয় লেখকৰ সৈতে তুলিছে এখন ফটো।

দেওবাৰৰ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত অনুষ্ঠিত হয় মূল মঞ্চত। এই সভাত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতিৰ লগতে অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়া। এই অনুষ্ঠান আমন্ত্ৰিত বিশিষ্ট ব্যক্তি কেইগৰাকীয়ে তেওঁলোকৰ ভাষন প্ৰদান কৰি গ্ৰন্থ আৰু গ্ৰন্থ উদ্যোগৰ ভৱিষ্যত তথা গ্ৰন্থমেলা এখনৰ দায়িত্ব সন্দৰ্ভত আলোকপাত কৰে।

দেওবাৰৰ সাংস্কৃতিক কাৰ্যসূচীৰ পিছতে অন্ত পৰিব বহু প্ৰত্যাশিত গ্ৰন্থমেলা খনি।

দৰ্শৱতাৰ নৃত্য প্ৰদৰ্শনৰত অৱস্থাত তৃষ্টি তনয়া চহৰীয়া, নৃত্য সংৰচনাত সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপক গুৰু ৰশ্মিৰেখা তালুকদাৰ আৰু ৰুমী তালুকদাৰ

উল্লেখ্য যে দেওবাৰৰ দিনটোতো বিপনীয়ে বিপনীয়ে দেখা গ্ৰন্থপ্ৰেমীৰ ভিৰ এইবাৰৰ গ্ৰন্থমেলাৰ বিশেষ আকৰ্ষণ। শেষৰ দিনটো এইবাবেই বিশেষ যে প্ৰকাশক সকলৰ মতে তেওঁলোক বিপনীত শেষৰ দিনটোৰ বাবে নিয়োগ কৰিব লগা হৈছে নতুন কৰ্মচাৰী। কোনোকোনো বিপনীত দেখিবলৈ পোৱা গৈছে কিতাপ কিনিবলৈ অহা পাঠকক দীঘলীয়া শাৰী। প্ৰকাশক সকল তেওঁলোকৰ বিক্ৰীক লৈ যথেষ্ট সুখী।কোভিড সৃষ্ট সময়ে অসমৰ গ্ৰন্থ উদ্যোগলৈ অনা বিপৰ্যয়ৰ সময়ত আশাদীপ্ত খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in