নেপালৰ সিন্ধুপালচ’কত ভূমিস্খলনঃ ৬জন নিহত, সন্ধাহীন ২৬জন…

নেপালৰ সিন্ধুপালচ’কত ভূমিস্খলনঃ ৬জন নিহত, সন্ধাহীন ২৬জন…

ডিজিটেল ডেস্কঃ নেপালৰ সিন্ধুপালচ'কত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হয় এই ভূমিস্খলনৰ। ভূমিস্খলনৰ ফলত প্ৰায় ১৮টাকৈ বাসগৃহ ভাঙি যায়। ইফালে, সন্ধানহীন হৈ আছে ২৬জনকৈ লোক। জানিব পৰা মতে, ভূমিস্খলনত প্ৰায় ৬জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।

উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। ইফালে, এগৰাকী বিষয়াই কয় যে, বৰ্তমানলৈ ৬টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বৰষুণৰ বাবে হোৱা এই ভূমিস্খলনত বহু কেইটা বাসগৃহ ভাঙি গৈছে। শনিবাৰে নিশা সংঘটিত এই ভূমিস্খলনৰ ফলত বহু লোক গৃহহাৰা হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in