লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন…

লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন…

ডিজিটেল সংবাদ,লামডিংঃ লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ভয়ংকৰ ভূমিস্খলন হয় ৷ চাৰিলেনযুক্ত পথটোৰ এছ ট্ৰানিঙৰ এটা ফালে পাহৰৰ মাটি খহি পৰে ৷ উল্লেখ্য যে কালি নিশাৰ পৰা লামডিঙত নেৰানেপেৰা বৰষুণ দি থকাৰ ফলতে আজি এই ভূমিস্খলন হয় ৷ লামডিং লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহৰ পৰা বৰাক উপত্যকাৰ জিলা সমূহলৈ যাতায়ত কৰা হয় ৷

কিন্তু আজি সংঘটিত হোৱা এই ভূমিস্খলনত পথছোৱাৰ এটা অংশ বন্ধ হৈ পৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈছে ৷ভূমিস্খলন ফলত চাৰিলেন যুক্ত এই পথচোৱাৰ এটা অংশ বিগত দুই বছৰৰ পূৰ্বে সম্পূৰ্নৰূপে খহি পৰিছিল ৷ যান-বাহন দূৰ্ঘটনা হোৱাৰ লগতে মৃত্যু মুখতো পৰিছিল যাত্ৰী ৷ পথচোৱা নিৰ্মানৰ কাম চলি থকাৰ সময়তে আজি আনটো অংশও খহি পৰাত যাত্ৰী সকলে এতিয়া বহু সমস্যা সন্মূখীন হৈছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in