সৌৰশক্তিৰে লামডিঙৰ গ্ৰাম্যাঞ্চল পোহৰাবলৈ সাজু সুদুৰ জাৰ্মানীৰ স্বেচ্ছাসেৱী সংস্থা…

সৌৰশক্তিৰে লামডিঙৰ গ্ৰাম্যাঞ্চল পোহৰাবলৈ সাজু সুদুৰ জাৰ্মানীৰ স্বেচ্ছাসেৱী সংস্থা…

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত বিদ্যুত বিভাগে ৰাইজক জলাকলা খোৱাই থকাৰ সময়তেই সৌৰশক্তিৰে লামডিং গ্ৰাম্যাঞ্চল আলোকিত কৰাৰ বাবে সুদুৰ জাৰ্মানৰ পৰা আহি ৰেল নগৰীত উপস্থিত হৈছে এটি স্বেচ্ছাসেৱী সংস্থা ৷ সৌৰশক্তিৰে গ্ৰাম্যাঞ্চল আলোকিত কৰাৰ সংকল্পৰে প্ৰশংসনীয় উদ্যোগগ্ৰহণ কৰিবলৈ সাজু হৈছে এই সংস্থাটো ৷ বিশ্বব্যাপি খ্যাতি থকা জাৰ্মানীৰ এনে'কটাচ (ENACTUS KIT) নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এটি ৪ জনীয়া দলে অবিৰত ভাৱে বিগত কিছু দিন লামডিঙৰ পটুপথাৰ অঞ্চলত পৰিদৰ্শন কৰি থকা পৰিলক্ষিত হৈছে ৷ অসমৰ গ্ৰাম্যঞ্চলসমূহত বিদ্যুত আজিকোপতি সহজলভ্য হৈ উঠা নাই বাবেই বেছিভাগস্থানতে পোহৰৰ বাবে কেৰাচিন তেলৰ চাকি ব্যৱহাৰ কৰে গ্ৰামাঞ্চলবাসীয়ে ৷তেনে অঞ্চলসমূহত সৌৰশক্তিৰ সহায়ত আলোকাই তোলাই এই সংগঠনটোক মূল উদ্দেশ্য আৰু সেই বাবেই এই দলটোৰ প্ৰতিনিধি সকল সুদূৰ জাৰ্মানীৰ পৰা আহি লামডিঙত উপস্থিত হৈছহি বুলি তেওঁলোকে এই সাংবাদিকৰ সন্মুখত মন্তব্য কৰে ৷

শনিবাৰে লামডিঙত এখন সংবাদমেল সম্বোধন কৰি লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বিতং ভাৱে সদৰী কৰে এনে'কটাচৰ ৪ জনীয়া সদস্য ক্ৰমে লুকাস কেলাৰ, কাৰ্সটেন ডেস্কসেন, সিলভান ষ্টেইনাৰ আৰু প্ৰতাক গুপ্তই ৷ লগতে লামডিঙৰ বেচৰকাৰী সংস্থা আজাৰুৰ তৰফৰ পৰা সহায় সহযোগ আগবঢ়ায় সুদীপ দেৱৰয়ে ৷

ইতিমধ্যে এই দলটোৱে লামডিঙৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি এতিয়াও বহু ছাত্ৰ ছাত্ৰীয়ে বিদ্যুতৰ অভাৱত কেৰাচিনৰ চাকি জ্বলাই পঢ়া শুনা কৰি আছে বুলি মন্তব্য কৰে ৷ তাৰোপৰি বিজুলীৰ অভাৱতে নিশাৰ ভাগত পটুপথাৰ অঞ্চলৰ ৰাইজ হাতীৰ উপদ্ৰপৰো সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত এনে'কটাচৰ ফালৰ পৰা অতি শীঘ্ৰে লামডিঙৰ পটুপথাৰত Light For Rural Area In India নামেৰে এটি সৌৰ প্ৰকল্প আৰম্ভ কৰিব বুলি সদৰী কৰে ৷ যাৰ ফলত প্ৰতিটো সময়তে গাওঁবাসীয়ে বিদ্যুতৰ সুবিধা লাভ কৰিব লগতে কেৰাচিন জ্বলোৱাৰ ফলত কেৰাচিনত থকা লীডৰ পৰা হ'ব লগীয়া ক্ষতিৰ পৰাও হাত সাৰিব পাৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in