আৰ পি এফৰ অভিযানত লামডিঙ পাথৰখোলাত ৯৮ টা চোৰাং চাউলৰ বস্তাসহ দুজনক আটক

আৰ পি এফৰ অভিযানত লামডিঙ পাথৰখোলাত ৯৮ টা চোৰাং চাউলৰ বস্তাসহ দুজনক আটক

ডিজিটেল সংবাদ,লামডিংঃ ৰাজ্যত কয়লাৰ ৰমৰমীয়া চিণ্ডিকেটে গোটেই ৰাজ্য জোঁকাৰি থকাৰ সময়তে এই পোহৰলৈ আহিছে আন এক চোৰাং বেহাৰ ঘটনা।  হোজাই জিলাৰ লামডিঙত চোৰাং চাউলৰ চিণ্ডিকেট চলায়ইছে দুষ্ট চক্ৰই ৷ ৰেলৱেৰ একাংশ বিষয়া আৰু ৰেল নিৰাপত্তা বাহিনী আৰ পি এফৰ ছত্ৰছায়াতে বছৰ বছৰ ধৰি উত্তৰ পূৱ সীমান্ত ৰেলৱে গুৰুত্বপূৰ্ণ জংচন লামডিঙৰ পাথৰখোলাত অব্যাহত আছে চৰকাৰী চাউলৰ বৃহৎ চোৰাং বজাৰ ৷ লামডিং সক্ৰিয় হৈ থকা অসাধু চক্ৰই প্ৰতিদিনেই FCI চাউল বস্তা চোৰাংকৈ বজাৰত বিক্ৰী কৰি আহিছে ৷ পাথৰখোলাৰ ৰেলৱে ষ্টেচনত মালবাহী ৰেল সমূহ ৰখায় এটি বৃহৎ চক্ৰই চলাই আছে এই ব্যৱসায় ৷ ঘটনাৰ সন্দৰ্ভত শুকুৰবাৰে লামডিঙত  আৰ পি এফৰ CDPS শাখাই চলায় অভিযান ৷ অভিযানত CDPS শাখাই জব্দ কৰিলে ৯৮টা FCI ৰ চোৰাং চাউলৰ বস্তা ৷

প্ৰাপ্ত তথ্য অনুসৰি পাথৰখোলা ৰেলৱে ষ্টেচনত মালবাহী ৰেলপৰা চাউলৰ বস্তাসমূহ সৰবৰাহ কৰি থকাৰ অৱস্থাতেই হাতে লুটে জব্দ কৰে চাউল সৰবৰাহ কৰা AS 01 KC 5836 আৰু AS 09 C 6737 নম্বৰৰ দুখন বলেৰ' পিক আপ সহ আটক কৰে দুজন লোকক।

গোপন সূত্ৰ তথ্য অনুসৰি এই চুৰি কাণ্ডত আৰ পি এফ দুজন যোৱানক আটক কৰি চাকৰিৰ পৰা অব্যাহতি দিয়াৰ লগতে শৰ্মা উপাধিৰ এজন কনিষ্টবলৰ বাইক ঘটনাস্থলীত উদ্ধাৰ কৰে ৷

সমগ্ৰ ঘটনাটো বৰ্তমান আৰ পি এফৰ বিষয়া সকলে গাপ দিয়াৰ চেষ্টা চলোৱা বুলিও অভিযোগ উঠিছে। এনে পৰিপেক্ষিতত লামডিঙৰ আৰ পি এফৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছিল যদিও পৰিদৰ্শক-উপপৰিদৰ্শক পৰ্যায়ৰ লোকসকলে উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত নথকাৰ দোহাই দি মন্তব্য কৰাৰ  পৰা বিৰত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in