লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন

লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন

ডিজিটেল সংবাদ, লালুকঃ অভিৰুচি শিল্পী সৈনিকৰ উদ্যোগত আয়োজিত ১৫ দিনীয়া গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ শনিবাৰে লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত সামৰণী অনুষ্ঠানটি উলহ মালহেৰে অনুস্থিত কৰা হয়। অনুষ্ঠানটিত লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুনীল পদুম কোৱৰ, উপাধ্যক্ষ গোলাপ কোৱৰ, টুনিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ লক্ষী গোহাঁই উপস্থিত থকাৰ লগতে অভিভাৱক সকলো উপস্থিত থাকে।

কৰ্মশালাত অংশগ্ৰহণ কৰা শিশু শিল্পী সকলে মুকাভিনয়, একক অভিনয়, কবিতা আবৃত্তি আদি কাৰ্যসূচী ৰূপায়ন কৰে। অসম নাট্য বিদ্যালয় আৰু অসম নাট্য বিদ্যালয়ৰ প্ৰশিক্ষণ প্ৰাপ্ত তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী যুগল কিশোৰ শইকীয়া, বানী শইকীয়া আৰু জুমি চৌধুৰী বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰে৷ শেষত কলা-কুশলী সকলৰ দ্বাৰা তিনিখন নাট ক্ৰমে আদিম যুগৰ এভুমুকি, বালিঘৰ, যৌথ মুকাভিনয় আদি মঞ্চস্থ কৰে বুলি লালুক অভিৰুচি শিল্পী সৈনিকৰ সভাপতি ৰামানন্দ হৰিজন আৰু সম্পাদক প্ৰাঞ্জল বৰগোহাঁয়ে জনাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in