আজি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫ সংখ্যক জন্মজয়ন্তী…

আজি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫ সংখ্যক জন্মজয়ন্তী…

ডিজিটেল ডেস্কঃ মধ্যযুগীয় সাংস্কৃতিক আন্দোলনে শঙ্কৰদেৱৰ প্ৰতিভাত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল – তাৰে পৰাই ফুলে পাতে বিকশিত হৈ উঠিল অসমীয়া সংস্কৃতি। এই সাংস্কৃতিক আন্দোলনে অসমীয়া সমাজ জীৱনক এক নতুন বাটৰ সন্ধান দিলে। তাৰেই ধাৰাবাহিকতাত ভাৰতীয় নৱজাগৰণৰ উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী, বিজ্ঞানসন্মত চিন্তাধাৰাৰ সমাহাৰ ঘটোৱা আধুনিক অসমীয়া সাহিত্যৰ প্ৰাণ-পুৰুষ হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।

শংকৰী সাহিত্যৰ অমূল্য সম্পদক পোহৰাই তোলাৰ পথেৰে অসমীয়া ভাষা-সাহিত্য-সৎস্কৃতি-শিল্পক আধুনিকীকৰণেৰে সঞ্জীৱীত কৰি লক্ষ্মীনাথ বেজবৰুৱাই আত্মবিস্মৃতি অসমীয়াৰ মনৰ হীনমন্যতা দূৰ কৰি জন্ম দিছিল আত্মবিশ্বাস আৰু আশাবাদৰ।

আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক বেজবৰুৱা। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে অসমীয়া সাহিত্য-সংস্কৃতিলৈ অমূল্য অৱদান আগবঢ়াই থৈ যোৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আজি ১৫৫ সংখ্যক জন্মজয়ন্তী।

১৮৬৪ চনৰ ১৪ অক্টোবৰত জন্মগ্ৰহণ কৰা ৰসৰাজৰ জন্মতিথিত গুৱাহাটী ক্লাৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত অনুষ্ঠিত হয় এক অনুষ্ঠান। জন্মতিথিৰ দিনা পুৱাই ৰসৰাজক স্মৰণ কৰি পুষ্পাঞ্জলি অৰ্পন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে। ভাষাৰ জনক গৰাকীক স্মৰণ কৰি অনুষ্ঠিত কৰা এই অনুষ্ঠানটিত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তুনু ভৰালীৰ লগতে উপস্থিত থাকে কামৰূপ মেট্ৰ'ৰ উপায়ুক্ত বিশ্বজিৎ পেগু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in